অসম

assam

ETV Bharat / state

নাজিৰাৰ গেলেকীৰ নামদাং নদীত ভয়াৱহ প্ৰদূষণ - NAZIRA NAMDANG GELEKI RIVER POLLUTED

গেলেকীৰ হাতীপটিৰ এক বৃহৎ অঞ্চলত বিগত তিনি চাৰি দিন ধৰি নামদাং নদীৰ পানীৰ ৰং ৰঙা হৈ পৰিছে আৰু নৈ পৰীয়া ৰাইজে দুৰ্গন্ধত থাকিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ ৰাসায়নিক দ্ৰব্য মিহলি বিষাক্ত পানী বৈ আহিছে নদী খনেৰে ৷

4329349

By

Published : Sep 3, 2019, 9:36 PM IST

নাজিৰা,৩ ছেপ্তেম্বৰ- নাজিৰাৰ গেলেকীৰ নামদাং নদীত ভয়াৱহ প্ৰদূষণ ৷ ৰাসায়নিক দ্ৰব্য মিহলি বিষাক্ত পানী বৈ আহিছে নদী খনেৰে ৷ ইতিমধ্যে মৃত্যুমুখত পৰিছে মাছ আৰু পশুধন ৷ বিষাক্ত দ্ৰব্যৰ গোন্ধত থাকিব লোৱাৰা হৈছে নৈপৰীয়া ৰাইজে ৷ পাহাৰত কয়লাৰ মুক্ত খনন আৰু ONGC তেল খাদৰ পৰা নিগৰিত হোৱা ৰাসায়নিক দ্ৰৱ্যই অসম নগালেণ্ড সীমান্তৰ দামদাং নদীৰ পানী বিষাক্ত কৰি তুলিছে। অভিযোগ অনুসৰি গেলেকীৰ হাতীপটিৰ এক বৃহৎ অঞ্চলত বিগত তিনি চাৰি দিন ধৰি নামদাং নদীৰ পানীৰ ৰং ৰঙা হৈ পৰিছে আৰু নৈ পৰীয়া ৰাইজে দুৰ্গন্ধত থাকিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ নদীৰ পানী ইমানেই বিষাক্ত হৈ পৰিছে যে পানীত থকা মাছ কাছও মৃত্যু মুখত পৰিছে । প্ৰায় ৩০ খন গাঁৱৰ লোকে এই নামদাং নদীৰ পানী ব্যৱহাৰ কৰি আহিছে ৷ যোৱা দিন কেইটাত নদী খনৰ পানীৰ ৰং সলনি আৰু বিষাক্ত হোৱাৰ ফলত নৈ পৰীয়া ৰাইজ অসুবিধাত পৰিছে। মঙলবাৰে গেলেকী অঞ্চলৰ হাতীপটি,কলগাঁও ,বগীচাপৰিৰ প্ৰায় শতাধিক লোক ওলাই আহে ৷

নাজিৰাৰ গেলেকীৰ নামদাং নদীত ভয়াৱহ প্ৰদূষণ

আনহাতে একাংশই সন্দেহৰ কৰা মতে পাহাৰত আগতীয়াকৈ কয়লাৰ মুক্ত খনন হোৱাৰ ফলতো নদী খনৰ পানী বিষাক্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ নাজিৰা মহকুমা প্ৰশাসনলৈ ৰাইজৰ দাবী যাতে অতি সোনকালে নামদাং নদীৰ পানী বিষাক্ত হোৱাৰ কাৰণ বিচাৰ কৰি সমস্যাটো সমাধান কৰে ৷ উল্লেখ্য যে ONGCৰ তেলখাদত ব্যৱহৃত বিভিন্ন ৰাসায়নিক পৰ্দাথ আৰু খাৰুৱা তেল মিশ্ৰিত পানীয়ে গেলেকীৰ দাঁতিকাষৰীয়া অঞ্চলৰ খেতি পথাৰ,নদী,জান,জুৰিৰ পানী বিষাক্ত কৰি তুলিছে ৷

ABOUT THE AUTHOR

...view details