নাজিৰা,15 আগষ্টঃ শতবৰ্ষ গৰকা এগৰাকী স্বাধীনতা সংগ্ৰামী ৷ স্বাধীনতা আন্দোলনৰ প্ৰতিটো কথাই আজিও সজীৱ কৰি ৰাখিছে এইগৰাকী ব্যক্তিয়ে ৷ জাতিৰ পিতা মহাত্মা গান্ধীক লগ পোৱা এইগৰাকী মুক্তিযোদ্ধাই বৃটিছ পুলিছৰ হাতত আটক হৈ খাটিছিল কাৰাবাস ৷
শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ মাউৎ গাঁৱৰ এগৰাকী মুক্তিযোদ্ধা হ’ল নোমল বৰগোহাঁই ৷ ১০৭ বছৰ গৰকা এইগৰাকী স্বাধীনতা সংগ্ৰামীয়ে কঢ়িয়াই লৈ ফুৰিছে স্বাধীনতা যুঁজৰ বহু কাহিনী ৷ জাতিৰ পিতাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ স্বাধীনতা সংগ্ৰামত নামি পৰা নোমল বৰগোহাঁইয়ে কিন্তু আজি পৰ্যন্ত লাভ কৰা নাই চৰকাৰী স্বীকৃতি ৷ বহু আৱেদন-নিৱেদনৰ পাচতো বৃদ্ধ পেঞ্চনৰ নামতো মাহে 250 টকা পোৱা এইগৰাকী মুক্তিযোদ্ধাই জীৱনৰ বিয়লি বেলাত বাঁহৰ ঢাৰি, বিচনী বনাই অৰ্জন কৰিছে জীৱিকা ৷