শিৱসাগৰ, 16 নৱেম্বৰ :আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস(National Press day) ৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হ'ল মুক্ত আৰু দায়ৱদ্ধ সংবাদ সেৱাৰ প্ৰতীক ৷ ১৯৬৬ চনৰ ৪ জুলাইত গঠন হোৱা ‘প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়া(Press Council Of India)’ই সেই বছৰৰে ১৬ নৱেম্বৰৰ পৰা উচ্চতম ন্যায়ালয়(Supreme Court Of India)ৰ তদানীন্তন ন্যায়াধীশ জে এল মুধলকাৰৰ অধ্যক্ষতাত আনুষ্ঠানিকভাৱে কাউঞ্চিলৰ কাম-কাজ আৰম্ভ কৰে ৷ তেতিয়াৰে পৰা উক্ত দিনটো সমগ্ৰ দেশতে প্ৰেছ দিৱস হিচাপে পালন কৰি অহা হৈছে ৷
গণতন্ত্ৰৰ চাৰিটা স্তম্ভ- বিধানমণ্ডল, কাৰ্যপালিকা, ন্যায়পালিকা আৰু সংবাদ মাধ্যম ৷ এই চাৰি স্তম্ভৰ সন্মিলিত কাৰ্যাৱলীয়েই হৈছে গণতান্ত্ৰিক প্ৰক্ৰিয়া ৷ আটাইকেইটা স্তম্ভৰ সু-পৰিচালনাতেই গণতন্ত্ৰৰ ভেটি মজবুত হৈ থাকে ৷ সংবাদ মাধ্যম হ’ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, আমি সকলোৱে জানো ৷ ব্ৰিটিছ সাংসদ লৰ্ড মেক’লিয়ে সংবাদ মাধ্যমক এই বিশেষ সন্মানেৰে বিভূষিত কৰিছিল ৷ গণতন্ত্ৰৰ অতন্দ্ৰ প্ৰহৰী বাবেই সংবাদ মাধ্যমক ইয়াৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় ৷
শাসন যন্ত্ৰ আৰু জনসাধাৰণৰ মাজত সেঁতুবন্ধন কৰি এটা সুন্দৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এখন দেশ পৰিচালনাত সংবাদ মাধ্যমে যুগ যুগ ধৰি অনবদ্য অৱদান আগবঢ়াই আহিছে ৷ ভাৰতৰ প্ৰেছ কাউঞ্চিলে এইবছৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আলোচ্য বিষয় হিচাপে বাচি দিছে- ‘সংবাদ মাধ্যমলৈ ভয় নকৰে কোনে’? অৰ্থাৎ সাংবাদিকতাৰ মূলনীতি সততা, নীতি-নিষ্ঠতা আৰু জনসাধাৰণৰ প্ৰতি পূৰ্ণ দ্বায়ৱদ্ধতাৰে পৰিচালিত সংবাদ মাধ্যমলৈ সকলোৱেই সমীহ কৰে আৰু এনে সাংবাদিকতাই সকলোৰে শ্ৰদ্ধাও লাভ কৰে ৷