অসম

assam

ETV Bharat / state

Namti Minor harassments case: 14 দিনৰ অন্তত কিশোৰী নিৰ্যাতনকাৰী বাবুল আলীৰ আত্মসমৰ্পন - Teenage assaulted by man

অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিলে কিশোৰী নিৰ্যাতনকাৰী বাবুল আলীয়ে ৷ যোৱা 14 দিনৰ পৰা আত্মগোপন কৰি আছিল বাবুলে ৷ দীৰ্ঘদিন ধৰি বাবুল আলী নামৰ লম্পটটোৱে এগৰাকী 13 বছৰীয়া কিশোৰীক শাৰীৰিক, মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল (Teenage Assaulted by Man)।

14 দিনৰ অন্তত কিশোৰী নিৰ্যাতনকাৰী বাবুল আলীৰ আত্মসমৰ্পন
Accused Babul Ali surrendered in Sivasagar

By

Published : Mar 9, 2023, 10:42 PM IST

14 দিনৰ অন্তত কিশোৰী নিৰ্যাতনকাৰী বাবুল আলীৰ আত্মসমৰ্পন

আমগুৰি, ৯ মাৰ্চ: 14 দিনৰ অন্তত শিৱসাগৰ জিলাৰ নামতিৰ কিশোৰী নিৰ্যাতনকাৰী বাবুল আলীয়ে শিৱসাগৰ জিলা আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে (Namti Minor harassments case) ৷ দীৰ্ঘদিন ধৰি বাবুল আলী নামৰ অসৎ চৰিত্ৰৰ ব্যৱসায়ীটোৱে নামতি চাৰিআলিৰ এগৰাকী কিশোৰীক শাৰীৰিক, মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল (Teenage Assaulted by Man)।

ইতিমধ্যে ঘটনা সন্দৰ্ভত শিৱসাগৰ জিলা আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযুক্ত বাবুল আলীৰ পত্নী, এজন আৰক্ষী কনিষ্টবলসহ চাৰিজনক গ্ৰেপ্তাৰ কৰাৰ পিচতেই বিয়লি অভিযুক্ত বাবুলে আত্মসমৰ্পন কৰে (Accused Babul Ali surrendered)। ইফালে এই ঘটনা সন্দৰ্ভত নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ দিহিঙীয়াক ৰিজাৰ্ভ ক্ল’জ কৰিছে ৷ ধৃত লোককেইগৰাকী হৈছে বাবুল আলীৰ পত্নী আচমা বেগম, আৰ্চিদ আলী,জাকিৰ আলী আৰু আৰক্ষী কনিষ্টবল প্ৰবীন চৰাইমূৰীয়া ৷

ঘটনা অনুসৰি বাবুল আলী নামৰ অসৎ চৰিত্ৰৰ লোকজনে ঘৰৰ ওচৰৰে এগৰাকী 13 বছৰীয়া কিশোৰীক বহুদিন ধৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল বুলি অভিযোগ উত্থাপন হৈছিল ৷ বাবুলে কিশোৰীগৰাকীয়ে স্নান কৰি থকা সময়ত নিজৰ ফোনত গোপনে ফটো আৰু ভিডিঅ’ বন্দী কৰি ভাইৰেল কৰাৰ ভাবুকি দিছিল কিশোৰীগৰাকীক ৷ ইয়াৰোপৰি বিভিন্ন সময়ত কিশোৰীগৰাকীক নিচাযুক্ত দ্ৰব্য খুৱাই ডিঙিত চুৰি লগাই হত্যা কৰাৰো ভাবুকি দিছিল বাবুলে (Sexual abuse allegation against Babul Ali) ৷

লগতে, কিশোৰীগৰাকী টিউচনলৈ যোৱাৰ অৱস্থাত বাবুল আলীয়ে বলপূৰ্বকভাৱে তেওঁ গাড়ীত উঠোৱাৰ চেষ্টা কৰি গালি-গালাজ পৰাকে ধৰি বিভিন্ন ধৰণেৰে নিৰ্যাতন চলাই অহা বুলিও কিশোৰীগৰাকীয়ে পৰিয়ালৰ লোকক অৱগত কৰিছিল ৷ দিনক দিনে নিৰ্যাতন বৃদ্ধি হৈ লগে লগে কিশোৰীগৰাকীয়ে অৱশেষত সমগ্ৰ ঘটনা ঘৰৰ লোকৰ সন্মুখত বিৱৰি কয় ৷ এই কথা অৱগত হোৱাৰ পাচতেই কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছিল (Child abuse case at Namti) ৷

সমগ্ৰ ঘটনা সন্দৰ্ভত নাজিৰা মহকুমা আৰক্ষী বিষয়া আৰু নামতি আৰক্ষীক অভিযোগ দিছিল কিশোৰীগৰাকীৰ পৰিয়ালে ৷ কিন্তু ভুক্তভোগী কিশোৰীগৰাকীক ন্যায় প্ৰদান কৰাৰ বিপৰীতে বাবুল আলী নামৰ ব্যৱসায়ীটোক আৰক্ষীয়ে ৰক্ষণাৱেক্ষণ দিয়া বুলিহে অভিযোগ উত্থাপন হৈছিল (Teenage assaulted by man) ৷

এই অভিযোগ দাখিলৰ পিচতেই শিৱসাগৰ জিলা আৰক্ষীৰ উচ্চপদস্থ বিষয়াই সমগ্ৰ ঘটনা তদন্ত কৰি নামতি আৰক্ষীৰ এজন কনিষ্টবলক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ লগতে নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ দিহিঙীয়াক ৰিজাৰ্ভ ক্ল’জ কৰে ৷ ইতিমধ্যে নামতি আৰক্ষীয়ে অভিযুক্ত বাবুল আলীক আৰক্ষীৰ জিম্মাত লৈছে ।

লগতে পঢ়ক:Teenage Assaulted by Man: নামতিত শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি 13 বছৰীয়া কিশোৰী

ABOUT THE AUTHOR

...view details