আমগুৰি, ১৬ অক্টোবৰ :তেজৰ দৰে ৰঙা হৈ পৰিছে এখন নদী । সাধাৰণ গঞা ৰাইজৰ আশা-ভৰসাৰ স্থল হিচাপে পৰিগণিত হোৱা এই নদীখন এতিয়া হৈ পৰিছে বিষাক্ত । কিন্ত কিয় ৰঙা হৈ পৰিছে বিশুদ্ধ পানীৰ বাবে বিখ্যাত এই নৈখন । এই নৈখন শিৱসাগৰ জিলাৰ ঐতিহাসিক নামদাং নদী । নাগালেণ্ডৰ পৰা বৈ অহা এই নামদাং নদী শিৱসাগৰ জিলাৰ আমগুৰি আৰু নাজিৰা সমষ্টিৰ মাজেৰে বৈ আহি দিখৌমুখৰ মিটং নদীত মিলিত হৈছে ।
তেজ ৰঙা হৈছে নামদাঙৰ পানী ! - অ' এন জি চি
তেজৰ দৰে ৰঙা হৈ পৰিছে ঐতিহাসিক নামদাং নদী । কিয় , কাৰ ভুলৰ বাবে সংঘটিত হৈছে এই ঘটনা ? সবিশেষ জানো আহক ৷
এই নামদাং নদীৰ পানী বিগত এটা সপ্তাহে বিষাক্ত ৰাসায়নিক দ্ৰব্য মিহলি হৈ বৈ আছে । যি বিষাক্ত পানী সেৱন কৰি ইতিমধ্যে অসুখত ভূগিছে মানুহৰ লগতে জীৱকূলো । উল্লেখযোগ্য যে, নামদাঙৰ পানীৰ ওপৰত ভৰসা কৰিয়েই জীৱন নিৰ্বাহ কৰে গ্ৰামাঞ্চলৰ হাজাৰ হাজাৰ পৰিয়ালে । খোৱা-ধোৱা সকলোতে ব্যৱহৃত হয় এই পানী । কিন্তু এতিয়া এটোপাল খোৱাপানীৰ বাবে হাহাকাৰ অৱস্থা হৈছে গাঁওবাসীৰ ।
কিয়নো তেজৰ দৰে ৰঙা হৈ পৰিছে নামদাঙৰ বিশুদ্ধ পানী । তাৰোপৰি কেইবাকিলোমিটাৰ ধৰি বিয়পি পৰিছে ইয়াৰ দুৰ্গন্ধ । এই ঘটনাই এতিয়া ভাবুকি কঢ়িয়াইছে নদীৰ মৎস্যকুলৰ লগতে কাষৰীয়া জীৱকুললৈও ।
কিন্তু কাৰ ভুলৰ পৰিণাম ভূগিছে নামদাঙপৰীয়াই । অ' এন জি চি অথবা কয়লাখনিয়ে এৰি দিয়া ৰাসায়নিক পদাৰ্থৰ বাবেই নামদাঙে এই বিষাক্ত পানী কঢ়িয়াই অনাৰ সন্দেহ স্থানীয় ৰাইজৰ । ইতিমধ্যে এই সম্পৰ্কত নাজিৰা মহকুমা ছাত্ৰ সন্থাই মহকুমাধিপতিক প্ৰদান কৰিছে অভিযোগ পত্ৰ । অনতিপলমে এই সমস্যা সমাধানৰ বাবে দাবী জনাইছে আছুৱে ।
লগতে পঢ়ক :মূলসুঁতিলৈ আলফা স্বাধীনৰ জ্যেষ্ঠ কেডাৰ হিমালয় অসম