অসম

assam

ETV Bharat / state

নগা গাঁৱৰ নাম ফলক আৰি অসমৰ মাটিত নগাৰ বেদখল - অসমৰ মাটিত নগাৰ বেদখল

অসমৰ বনাঞ্চলৰ মূল্যবান গছ কাটি আৰু বহু গাঁও স্থাপন কৰি নগাই গোজেই গজালি হৈ অসমৰ মাটিত চলাইছে বেদখল ৷

assam reserve land
শিৱসাগৰ

By

Published : Nov 26, 2019, 7:15 PM IST

শিৱসাগৰ, 26 নৱেম্বৰঃউজনি অসমৰ অন্যতম বৃহৎ বনাঞ্চল চৰাইদেউ জিলাৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত এতিয়া নগাৰ বেদখল ৷ নগা লোকে বনাঞ্চলখনৰ মূল্যবান গছ কাটি আৰু বহু হেক্টৰ মাটি বেদখল কৰি পাতিছে WKNOI-TINGNON নামৰ নগা গাঁও ৷

অসমৰ মাটিত নগাৰ বেদখল

এই সন্দৰ্ভত জানিব পাৰি সোমবাৰে চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত দীপক ভূঞা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মৃনাল ডেকায়ে বৃহৎআৰক্ষী দলৰ লগতে এটি সাংবাদিকৰ দলৰ সৈতে পুৱাই ৰাওনা হয় বনাঞ্চলখনৰ ভিতৰৰ দুৰ্গম অংশলৈ ৷ দলটোৱে অতি বিপদজনক ভাৱে ওখ ওখ পাহাৰ বগাই,খাল-বিল পাৰ কৰি অতি ঘন অৰণ্যৰ মাজেৰে অসমৰ চিংলৌ এলেকা দিশৰ পৰা প্ৰায় দহ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ পাচতেই অভয়পুৰ বনাঞ্চলৰ 31নং চেক্টৰত নাগালেণ্ডৰ মন জিলাৰ নগা লোকে চলোৱা বনাঞ্চল ধ্বংস যজ্ঞৰ প্ৰতিটো ছবি পোহৰলৈ আহে ৷ পূৰ্বতে বনাঞ্চলৰ মাজত থকা জয়মতী নামৰ বন বিভাগৰ কেম্পটো পোৱাৰ পাচতেই নগাই বনাঞ্চল ধ্বংস কৰি পথ নিৰ্মাণ কৰাৰ দৃশ্য দেখা পোৱা গৈছে।

ইপিনে বন ধ্বংস তথা চোৰাংকৈ কাঠ কটাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষী আৰু বন বিভাগৰ লোকে 6 জনকৈ সন্দেহজনক এছ চি এনৰ লোকক আটক কৰে ৷ আটকাধীন লোককেইজনৰ পৰা আৰক্ষীয়ে গছ কটা মেচিন আৰু দুটাকৈ বন্দুক জব্দ কৰে ৷ আনহাতে অসমৰ মাটিতে নগা লোকৰ আধিপত্যৰ বাবে অভিযানকাৰী দলটো গাওঁকেইখনৰ কাষলৈ যাবলৈ সক্ষম নহ'ল ৷ মুঠৰ ওপৰত এতিয়া অসমৰ গুৰুত্বপূৰ্ণ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত উগ্ৰপন্থীৰ পৃষ্ঠপোষকতাত চলিছে ধ্বংসলীলা,আৰু নগাৰ আগ্ৰাসন ৷

লগতে পঢ়কঃজাগুনত সেনা-আৰক্ষীৰ জালত দুৰ্ধৰ্ষ আলফা সদস্য

ABOUT THE AUTHOR

...view details