অসম

assam

Cultivation in Jerenga Pathar: জেৰেঙা পথাৰত বিজেপিৰ উদ্যোগত সৰিয়হ খেতি

By

Published : Nov 7, 2022, 6:23 PM IST

ভাৰতীয় জনতা পাৰ্টীৰ অ' বি চি মৰ্চাৰ জিলা সমিতিৰ উদ্যোগত জেৰেঙা পথাৰৰ ৩০০ বিঘা ছনপৰা মাটিত কৰা হৈছে সৰিয়হ খেতি (Mustard Cultivation at Jerenga Pathar)। সাংসদ তপন কুমাৰ গগৈয়ে ট্রেক্টৰ চলাই এই কৃষি কৰ্মৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ।

Cultivation in Jerenga Pathar
জেৰেঙা পথাৰত বিজেপিৰ উদ্যোগত সৰিয়হ খেতি

শিৱসাগৰ, ৭ নৱেম্বৰ:শীঘ্ৰে শ্যামলী হ'ব ঐতিহাসিক জেৰেঙা পথাৰ (Cultivation at Jerenga Pathar) । জেৰেঙা পথাৰৰ ৩০০ বিঘা ছনপৰা মাটিত কৰা হৈছে সৰিয়হ খেতি ( Mustard Cultivation at Jerenga Pathar)। ভাৰতীয় জনতা পাৰ্টীৰ অ' বি চি মৰ্চাৰ জিলা সমিতি, মণ্ডল সমিতিৰ উদ্যোগত তথা জেৰেঙা সমন্বয় কৃষক গোটৰ সহযোগত এই সৰিয়হ খেতি কৰা হৈছে (Bharatiya Janata Partys OBC Morcha)।

ভাৰতীয় জনতা পাৰ্টীৰ অ' বি চি মৰ্চাৰ জিলা সমিতিৰ উদ্যোগত জেৰেঙা পথাৰৰ ৩০০ বিঘা মাটিত সোনবাৰৰ পৰা সৰিয়হ খেতি আৰম্ভ কৰা হৈছে । এই উপলক্ষে আজি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় । যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে (MP Tapan Gogoi) থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইৰ উপস্থিতত ট্রেক্টৰ চলাই এই কৃষি কৰ্মৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে ।

জেৰেঙা পথাৰত বিজেপিৰ উদ্যোগত সৰিয়হ খেতি

জয়মতীৰ স্মৃতি বিজড়িত জেৰেঙা পথাৰৰ পতিত ভূমিত প্ৰথমবাৰৰ বাবে বিজ্ঞান সন্মাতভাৱে এই কৃষি আৰম্ভ কৰা হৈছে । আত্ম নিৰ্ভৰশীলতাৰ আদৰ্শৰে কৃষিৰ প্ৰতি যুৱ প্ৰজন্মক আকৰ্ষিত কৰিবলৈ এই ইতিবাচক কাৰ্যপন্থা হাতত লোৱা হৈছে বুলি কয় শিৱসাগৰ জিলা যুৱ মৰ্চাৰ সভাপতি হৰিপ্ৰসন্ন হাজৰিকাই ।

ছন পৰি থকা জেৰেঙা পথাৰক পুনৰ শস্য শ্যামলা কৰাৰ বাবে লোৱা এই পদক্ষেপে অঞ্চলটোৰ যুৱ প্ৰজন্মক কৃষি সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলি সাংসদ তপন গগৈয়ে আশা প্ৰকাশ কৰে । উল্লেখ্য় যে, সৰিয়হ খেতি শুভাৰম্ভণিৰ এই অনুষ্ঠানতে কেইবাগৰাকী প্ৰগতিশীল খেতিয়কক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক:Child Kidnaping in Guwahati: মহানগৰীত বিদ্যালয়ৰ শিশুক অপহৰণৰ চেষ্টা বিএচএফ জোৱানৰ

ABOUT THE AUTHOR

...view details