নাজিৰা,২৮ ডিচেম্বৰ : সত্ৰাধিকাৰসকলক সচৰাচৰ সমাজৰ উচ্চ আসনত ৰখা হয় । ৰাজ্যৰ সত্ৰসমূহৰ সত্ৰাধিকাৰসকলক সকলোৱে শ্ৰদ্ধা কৰে । কিন্তু এইবাৰ সত্ৰাধিকাৰৰ সত্ত্বাক কলংকিত কৰিলে নাজিৰাৰ দুৰামাৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰে ! ডেকা সত্ৰাধিকাৰৰ বিৰুদ্ধে উঠিছে হত্যাৰ অভিযোগ । ইতিমধ্যে হত্যাৰ অভিযোগত ৰঙাঘৰৰ আলহীও হ'বলগা হ'ল ডেকা সত্ৰাধিকাৰগৰাকী ।
ঘটনাটো শিৱসাগৰ জিলাৰ নাজিৰাৰ (Nazira murder case)। হত্যাৰ দৰে জঘন্য অপৰাধত লিপ্ত হৈছে এজন সত্ৰাধিকাৰ । কুঠাৰেৰে ঘপিয়াই নিৰ্মমভাৱে ৭০ বছৰীয়া এজন বৃদ্ধক মঙলবাৰে নিশা হত্যা কৰিলে ডেকা সত্ৰাধিকাৰে (Man killed by Satradhikar of Duramari Satra)! নাজিৰা চকীমুখস্থিত দুৰামাৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰাঞ্জল মহন্তৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ ।
অভিযোগ অনুসৰি মঙলবাৰে নিশা ডেকা সত্ৰাধিকাৰৰ গৃহত চাকি বন্তি জ্বলোৱাৰ দায়িত্বত নিয়োজিত ৭০ বছৰীয়া বৃদ্ধ জয়নাথ বৰাক হত্যা কৰা হয় । ডেকা সত্ৰাধিকাৰ প্ৰাঞ্জল মহন্তই কুঠাৰেৰে উপৰ্যুপৰি প্ৰহাৰ কৰে জয়নাথ বৰাক । ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত প্ৰাঞ্জল মহন্ত । ইফালে গোঁসাই থাপনাতে গুৰুত্বৰভাৱে আহত হৈ পৰি থাকে জয়নাথ বৰা ।
নিশা জয়নাথ বৰাক উদ্ধাৰ কৰি স্থানীয় ৰাইজৰ সহযোগত নাজিৰা আৰক্ষীয়ে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । কিন্তু দুৰ্ভাগ্যজনকভাৱে চিকিৎসালয়ত জয়নাথ বৰাই শেষ নিশ্বাস ত্যাগ কৰে । ইফালে পুৱা নাজিৰা আৰক্ষীয়ে আটক কৰে অভিযুক্ত ডেকা সত্ৰাধিকাৰ প্ৰাঞ্জল মহন্তক (Satradhikar arrested in Nazira)।