অসম

assam

বিভিন্ন দাবীৰ সমৰ্থনত শিৱসাগৰত পৌৰকৰ্মীৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 1:09 PM IST

শিৱসাগৰত কৰ্মবিৰতিৰে পৌৰ সভাৰ চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ বিক্ষোভ ৷ অনিদিষ্ট কালৰ বাবে কাম নকৰাৰ হুংকাৰ ৷

Municipal workers protest for various demands in Sivasagar
বিভিন্ন দাবীৰ সমৰ্থনত শিৱসাগৰত পৌৰকৰ্মীৰ প্ৰতিবাদ

বিভিন্ন দাবীৰ সমৰ্থনত শিৱসাগৰত পৌৰকৰ্মীৰ প্ৰতিবাদ

শিৱসাগৰ, 17 নৱেম্বৰ: বিগত দুদিনৰ পৰা কৰ্মবিৰতি পালন কৰি অহা শিৱসাগৰ পৌৰসভাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে একাধিক গুৰুত্বপূৰ্ণ দাবী ৰূপায়ণৰ স্বাৰ্থত শুকুৰবাৰে চহৰখন পৰিস্কাৰ কৰাৰ পৰা বিৰত থাকি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰায় অৰ্ধ শতাধিক চতুৰ্থ বৰ্গৰ অস্থায়ী চাফাই কৰ্মীয়ে বৃহস্পতিবাৰৰ পুৱাৰে পৰা চাফাই কামৰ পৰা আঁতৰি থাকি পৌৰ সভাৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ শুকুৰবাৰে তৃতীয় দিনা নগৰৰ বৰপুখুৰী পাৰত সাব্যস্ত কৰা প্ৰতিবাদস্থলীত সংবাদ মাধ্যমৰ সন্মুখত হাতে হাতে বাঢ়নী লৈ চতুৰ্থ বৰ্গৰ কৰ্মীসকলে শিৱসাগৰ পৌৰসভাৰ অন্যায় - অবিচাৰ, অমানৱীয় আচৰণ সন্দৰ্ভতো অভিযোগ উত্থাপন কৰে ৷

কৰ্মচাৰীসকলৰ অভিযোগ অনুসৰি প্ৰায় বিশ বছৰ ধৰি শিৱসাগৰ পৌৰ সভাত অস্থায়ী চাফাই কৰ্মী হিচাবে নিয়োজিত মঞ্জু পাংগিং নামৰ দিচাংমুখৰ কৰ্মচাৰীগৰাকী তিনি মাহ পূৰ্বে উৎকট গৰমত কৰ্তব্য সম্পাদন কৰি ঘৰ গৈ পোৱাৰ পিছতেই আকস্মিকভাৱে মৃত্যুমুখত পৰে ৷ যি সময়ত সতীৰ্থ কৰ্মচাৰীগৰাকীৰ মৃত্যুত চাফাই কৰ্মীসকল ব্যথিত হৈ পৰিছিল সেই সময়ত কিন্তু শিৱসাগৰ পৌৰসভাৰ পৌৰপতি প্ৰমুখ্যে কোনো এগৰাকী নিৰ্বাচিত প্ৰতিনিধিয়ে উক্ত দুৰ্ভগীয়া পৰিয়ালটোৰ খবৰ এটাও নল’লে বুলি আক্ষেপ প্ৰকাশ কৰে ৷ আনকি পৌৰ কৰ্তৃপক্ষই কোনো বৰঙণিও পৰিয়ালটোলৈ আগবঢ়ায় বুলি আক্ষেপ সহকাৰে প্ৰতিবাদকাৰীসকলে কয় ৷

এই ঘটনাত চাফাই কৰ্মীসকল ক্ষুণ্ণ হৈ পৰাৰ লগতে পৌৰ কৰ্তৃপক্ষৰ এই আচৰণক অমানৱীয় আচৰণ হিচাবে আখ্যা দিয়ে ৷ ইয়াৰ লগতে পৌৰ সভাৰ চাফাই কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ নকৰা তথা দৰমহা বৃদ্ধি নকৰা, দৈনিক মজুৰি বৃদ্ধি নকৰাকে ধৰি কেবাটাও দাবীৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক:Death Threat Minister Atul Bora:মন্ত্ৰী অতুল বৰাক সামাজিক মাধ্যমত হত্যাৰ ভাবুকি দিয়া যুৱকক আটক

ABOUT THE AUTHOR

...view details