শিৱসাগৰ,৪ মাৰ্চ :৬ মাৰ্চত অনুষ্ঠিত হ'ব অসমৰ পৌৰসভা নিৰ্বাচন (Assam municipal election 2022)। প্ৰতিখন জিলাতে পৌৰ নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে । ইয়াৰ মাজতে শুকুৰবাৰে নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত পৰে (The campaign for municipal elections ends)। বাকী জিলাসমূহৰ দৰে শিৱসাগৰ জিলাতো এইবাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পোৱা গৈছে ।
প্ৰতিটো ৰাজনৈতিক দলে ৱাৰ্ডে ৱাৰ্ডে চলাইছে প্ৰচাৰ । শাসকীয় দলৰ হৈ বহু শীৰ্ষ নেতাই শিৱসাগৰ পৌৰ সভাৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযানত অংশ লৈছে । অন্তিমটো দিনৰ প্ৰচাৰ কাৰ্যসূচীত মন্ত্ৰী পীয়ুষ হাজৰিকা, মন্ত্ৰী বিমল বৰা, সাংসদ তপন গগৈয়ে শিৱসাগৰ পৌৰ নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ বিপৰীতে মিত্ৰদল অগপৰ হৈ মন্ত্ৰী কেশৱ মহন্তইও শিৱসাগৰ নগৰত নিৰ্বাচনী প্ৰচাৰ চলায় । শাসকীয় দলৰ বিপৰীতে ৰাইজৰ দলৰ হৈ বিধায়ক অখিল গগৈয়েও নিৰ্বাচনী প্ৰচাৰত অংশ লৈ প্ৰতিটো ৱাৰ্ডলৈ গৈ নিজ দলৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলায় ।