জৰাবাৰী সত্ৰৰ মুখাশিল্পী প্ৰদীপ হাজৰিকা আমগুৰি, ৯ নৱেম্বৰ : শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱলৈ মাজত মাথো কিছুদিন বাকী । আমগুৰি ঐতিহাসিক জৰাবাৰী সত্ৰৰ মুখাশিল্পী প্ৰদীপ হাজৰিকা ব্যস্ত হৈ পৰিছে মুখা প্ৰস্তুত কৰাত । এই মুখাশিল্পক লৈ ক্ষুদ্ৰ সংগ্ৰহালয় স্থাপন কৰি জীৱনৰ বাটত বাট বুলিছে মুখাশিল্পী প্ৰদীপ হাজৰিকাই ।
২০১০ চনৰপৰা মুখাশিল্পৰ লগত জড়িত প্ৰদীপ হাজৰিকা ৷ এতিয়া প্ৰদীপ হাজৰিকাই শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ সাজসজ্জাৰ বাবে বিভিন্ন প্ৰকাৰৰ মুখা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে । শিৱসাগৰ, যোৰহাট, দুলীয়াজনকে ধৰি মুখাশিল্পী প্ৰদীপ হাজৰিকাৰ নিৰ্মিত ৰাসৰ মুখা এইবাৰ বেংগালুৰুৰ প্ৰৱাসী অসমীয়াইয়ো বুক কৰিছে বুলি খোদ প্ৰকাশ কৰিছে তেওঁ ।
সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে যোৱা তেৰ বছৰ ধৰি শিল্পী প্ৰদীপ হাজৰিকাই নিজৰ লগতে অন্য দহজন যুৱকক এই শিল্পকৰ্মত জড়িত কৰাই আৰ্থিকভাৱে সকাহ দি আহিছে । উল্লেখ্য যে, গুৰুজনাই ৰচনা কৰা প্ৰথমখন নাট ‘চিহ্ন যাত্ৰা’ত প্ৰথমবাৰৰ বাবে মানুহৰ স্বাভাৱিক মুখমণ্ডলত প্ৰকাশ কৰিব নোৱৰা চৰিত্ৰ, যেনে– গৰুড় পক্ষী, চতুড়ানন ব্ৰহ্মা, শিৱ আদি চৰিত্ৰৰ বাবে মুখা নিৰ্মাণ কৰা হৈছিল । ৰামায়ণৰ কাহিনীত ৰাৱণ, কুম্ভকৰ্ণ, শূৰ্পনখা, জটায়ু, তাৰকা, মাৰিচ, সুবাহু, সুগ্ৰীৱ আদি চৰিত্ৰসমূহৰ বাবে মুখাৰ প্ৰাধান্যতা বহু পৰিমাণে বেছি । ভগৱানৰ দশাৱতাৰৰ ৰূপতো মুখাৰ ব্যৱহাৰৰ ক্ষেত্ৰত মৎস্য, কুৰ্ম, নৰসিংহ আদিৰ বাবে এই কাৰ্য বৰ্তমান প্ৰচলিত হৈ আছে ।
ৰাস মহোৎসৱত মুখা প্ৰদৰ্শনে এক চমৎকাৰিতা প্ৰকাশ কৰি আহিছে । শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৰৱৰ্তী গুৰু তথা আতা পুৰুষসকলেও ৰামায়ণ, মহাভাৰত, পুৰাণ আদিৰ পৰা বহুকেইখন নাট লিখি এই মুখা কলাৰ যোগেদি সত্ৰীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে । মহাপুৰুষ মাধৱদেৱৰ পদৰঞ্জিত ঐতিহাসিক জৰাবাৰী সত্ৰৰ শিষ্য প্ৰদীপ হাজৰিকাৰ মুখাই অসমৰ বিভিন্ন জিলাৰ লগতে বিদেশতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক :Rass Leela at Jonai: ৰাস মহোৎসৱক লৈ ব্যাপক প্ৰস্তুতি, শ্ৰীকৃষ্ণৰ মুৰুলীৰ সুমধুৰ মূৰ্চ্ছনাত মুখৰিত জোনাই