অসম

assam

ETV Bharat / state

বানৰ সংহাৰৰ মাজতেই আমগুৰিত নষ্ট ৫০ হাজাৰ মুগা পলু : মুগা পালকৰ মাজত হাহাকাৰ - Muga Silk Farmers are devastated

এফালে বানৰ সংহাৰ, আনফালে বজাৰত নিত্যব্যৱহাৰ্য সামগ্ৰীৰ চৰা দাম । তাৰ মাজতে একাংশ মুগাপালকৰ হাহাকাৰ(Assam Silk) । মুগা পালন কৰি পৰিয়াল পোহপাল দিয়া মুগা পালকৰ নাজল-নাথল অৱস্থা । বৰাহীবাৰী চাংমাই চাপৰিৰ মুগা ফাৰ্মত প্ৰায় ৫০ হাজাৰ মুগা পলু নষ্ট হোৱাৰ পাছতেই মূৰে-কঁপালে হাত দিছে মুগাপালকসকলে(Muga Silk Farmers are devastated after Muga silkworm is destroyed) ।

more than 50000 muga waste in barahibari in amguri
আমগুৰিত নষ্ট ৫০ হাজাৰ: মুগা পালকৰ মাজত হাহাকাৰ

By

Published : Jun 18, 2022, 7:07 PM IST

আমগুৰি,১৮ জুন:আমগুৰিৰ বৰাহীবাৰীত মুগাপালকৰ মাজত হাহাকাৰ(Muga Silk Farmers are devastated) । ৫০ হাজাৰৰো অধিক মুগা নষ্ট হোৱাত বিপাঙত পৰিছে মুগাপালকসকল । মুগা ফাৰ্মৰ কৰ্মচাৰীয়ে ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত মুগা নষ্ট হোৱাৰ অভিযোগ উত্থাপন কৰিছে মুগা পালকসকলে (farm employee accused of destroying Muga silkworm with chemical fertilizers) । বৰাহীবাৰী চাংমাই চাপৰিৰ মুগা ফাৰ্মত সংঘটিত হৈছে এই ঘটনা ।

আমগুৰিত নষ্ট ৫০ হাজাৰ: মুগা পালকৰ মাজত হাহাকাৰ

উল্লেখ্য যে বৰাহীবাৰী মুগা ফাৰ্মত দীৰ্ঘদিন ধৰি মুগা পালকে মুগা খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে । অসমৰ বিভিন্ন জিলাৰ মুগা পালকে মুগা পালন কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে অসমৰ ৰাজহ বিভাগলৈয়ো ৰাজহ দি আহিছে । কিন্তু শেহতীয়াকৈ বৰাহীবাৰী চাংমাই চাপৰিৰ মুগা ফাৰ্মত চৰকাৰী কৰ্মচাৰীয়ে ৰাসায়নিক সাৰ প্ৰয়োগ কৰি মুগাপালকৰ বিস্তৰ ক্ষতি কৰা কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

মুগা ফাৰ্মৰ কৰ্মচাৰী ৰতন গগৈৰ বিৰুদ্ধে ৰাসায়নিক সাৰ প্ৰয়োগ কৰি মুগা নষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ পাছতেই ধেমাজিৰ পৰা মুগাপালন কৰিবলৈ অহা মুগাপালকে মুৰে-কঁপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । ৰাসায়নিক সাৰৰ প্ৰয়োগ কৰি মুগা পলুসমূহ নষ্ট কৰা বুলি অভিযোগ তুলাপ লগতে মুগাপালকসকলে ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:উৰুখা গৃহত শিক্ষাদান চলিছে শিমলুগুৰিৰ এখন শতবৰ্ষ গৰকা বিদ্যালয়ত

ABOUT THE AUTHOR

...view details