অসম

assam

Loksabha Election 2023 : আঞ্চলিক গণ মৰ্চাত শিৱসাগৰ প্ৰেছ ক্লাৱৰ সমানো মানুহ নাই; পৱিত্ৰ মাৰ্ঘেৰিটা

By

Published : May 6, 2023, 7:16 PM IST

শনিবাৰে বিজেপি দলৰ মুখপাত্ৰ তথা ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই তীব্ৰ কটাক্ষ কৰে জাতীয়তাবাদী দলৰ নেতা লুৰীণজ্যোতি গগৈ আৰু অজিত ভূঞাক ৷ তেওঁলোকৰ দলক কংগ্ৰেছ দলৰ ভৃত্য আখ্যা দিয়ে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে (MP Pabitra Margherita on Congress alliance) ৷

MP Pabitra Margherita on Congress alliance
লুৰিণজ্যোতি গগৈ আৰু অজিত ভূঞাক কটাক্ষ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ

লুৰিণজ্যোতি গগৈ আৰু অজিত ভূঞাক কটাক্ষ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ

শিৱসাগৰ, 6 মে’ : লুৰীণজ্যোতি আৰু অজিত ভূঞাৰ দলে নাম সলনি কৰি অসম কংগ্ৰেছ ভৃত্য পৰিষদ ৰাখিবলৈ কয় বিজেপি দলৰ মুখপাত্ৰ তথা ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই ৷ শনিবাৰে দলীয় কামত শিৱসাগৰলৈ আহি সংবাদ মাধ্যমৰ আগত এই মন্তব্য আগবঢ়ায় বিজেপি দলৰ মুখপাত্ৰ তথা ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ৷ দুই জাতীয়তাবাদী দলৰ নেতা লুৰীণজ্যোতি গগৈ আৰু অজিত ভূঞাক সংবাদ মাধ্যমৰ আগত তীক্ষ্ণ সমালোচনা কৰে বিজেপি দলৰ মুখপাত্ৰ তথা ৰাজ্যসভাৰ সাংসদগৰাকীয়ে (MP Pabitra Margherita slams Assam Jatiya Parishad)।

বহুবল্কী নেতাগৰাকীয়ে অজিত ভূঞাৰ দলত 10-11 জন আৰু লুৰীণজ্যোতি গগৈৰ দলত 200-300 জন মান মানুহ থকা বুলি কৈ তেওঁলোকৰ দলক ক্লাৱৰ সৈতে তুলনা কৰাৰ লগতে অজিত ভূঞাৰ দলটোত শিৱসাগৰ প্ৰেছ ক্লাৱৰ সমানো মানুহ নাই বুলি কৈ তীব্ৰ কটাক্ষ কৰে। আনহাতে এই দুটা তথাকথিত জাতীয়তাবাদী দলে আগন্তুক লোকসভা নিৰ্বাচিত কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা কৰিব লোৱা প্ৰসংগত 855 জন অসমীয়া ডেকাক হত্যা কৰা কংগ্ৰেছ দলৰ ভৃত্য কিয় জাতীয়তাবাদী আদৰ্শৰে পৰিচালিত দল দুটা হ'ব বিচাৰিছে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে (MP Pabitra Margherita slams Anchalik Gana Morcha)।

সাংসদগৰাকীয়ে দুয়োটা দলক পুনৰ কটাক্ষ কৰি যদি তেওঁলোকে নিজকে ক্লাৱ বুলি ক’বলৈ বেয়া পাই ৰাজনৈতিক দল বুলি কবলৈ বিচাৰিছে তেন্তে দলৰ নাম সলনি কৰি "অসম কংগ্ৰেছ ভৃত্য পৰিষদ" নাম ৰাখিবলৈ আহ্বান জনায় । ৰাজ্যত কা' আন্দোলনৰ সময়ত সংঘটিত বিক্ষিপ্ত ঘটনাসমূহৰ প্ৰসংগ টানি আনি সেই ঘটনাসমূহ ৰাইজে মনত পেলাই ৰাখিবৰ বাবেই এনে ক্লাবসদৃশ দলসমূহৰ কথা প্ৰাসংগিক কৰি ৰখা দৰকাৰ বুলি মন্তব্য আগবঢ়ায় (MP Pabitra Margherita in Sivasagar) ।

লক্ষণীয় বিষয় যে, লুৰীণজ্যোতি গগৈ আৰু অজিত ভূঞাৰ দলে কংগ্ৰেছ দলৰ সৈতে কৰিব লোৱা নিৰ্বাচনী মিত্ৰতাক সমালোচনা কৰা বিজেপি সাংসদ মাৰ্ঘেৰিটাই গুপ্ত হত্যাৰ দৰে গৰ্হিত কাৰ্যৰ সৈতে জড়িত থকা অসম গণ পৰিষদ দলৰ লগত থকা মিত্ৰতা সন্দৰ্ভত মৌনতা অৱলম্বন কৰে (BJP AGP alliance)।

লগতে পঢ়ক :Manipur Violence update: ক্ৰমাৎ নিয়ন্ত্ৰণলৈ মণিপুৰৰ পৰিস্থিতি; শান্তি শৃংখলা বৰ্তাই ৰখাৰ আহ্বান সেনা

ABOUT THE AUTHOR

...view details