অসম

assam

ETV Bharat / state

আমগুৰি সমষ্টিৰ প্ৰাৰ্থীত্ব সন্দৰ্ভত সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ প্ৰতিক্ৰিয়া

"তৃণমূল কৰ্মীয়ে বিচাৰিলেই নহয়, দলৰ কেন্দ্ৰীয় নেতৃত্বইহে সিদ্ধান্ত লব আমগুৰিত মিত্ৰজোট থাকিবনে নাই"৷ আমগুৰি সমষ্টিৰ ঐতিহাসিক গজলা সত্ৰৰ আধাৰশিলা অনুষ্ঠান উপস্থিত থাকি এই মন্তব্য বিজেপিৰ জেষ্ঠ নেতা তথা ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ ৷

By

Published : Oct 2, 2020, 12:30 PM IST

MP Kamakhay prasad Tasa reaction on Amguri constituency
আমগুৰি সমষ্টিৰ প্ৰাৰ্থীত্ব সন্দৰ্ভত সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ প্ৰতিক্ৰিয়া

আমগুৰি, 2 অক্টোবৰ: "তৃণমূল কৰ্মীয়ে বিচাৰিলেই নহয়, দলৰ কেন্দ্ৰীয় নেতৃত্বইহে সিদ্ধান্ত লব আমগুৰিত মিত্ৰজোট থাকিবনে নাই"৷ আমগুৰি সমষ্টিৰ ঐতিহাসিক গজলা সত্ৰৰ আধাৰশিলা অনুষ্ঠান উপস্থিত থাকি এই মন্তব্য বিজেপিৰ জেষ্ঠ নেতা তথা ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ ৷ বুধবাৰে আমগুৰিৰ মিত্ৰজোটৰ প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাতৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নত এইদৰে মন্তব্য কৰে ৰাজ্য সভাৰ সাংসদ গৰাকীয়ে ৷ লগতে দহ লাখ টকাৰ চৰকাৰী অনুদানেৰে নিৰ্মান হ'ব লগা আমগুৰিৰ খনামুখ গজলা সত্ৰৰ আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকি সমাজক সুস্থিৰ কৰি ৰাখিবলৈ জেষ্ঠ সকলেই নহয়, কনিষ্ঠ সকলকো নামঘৰলৈ যাবলৈ আহ্বান জনাই সাংসদ গৰাকীয়ে ৷

আমগুৰি সমষ্টিৰ প্ৰাৰ্থীত্ব সন্দৰ্ভত সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে, আমগুৰি সমষ্টিত বৰ্তমান চৰ্চিত বিষয় হৈ পৰিছে অগপ আৰু বিজেপিৰ প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত ৷ বিজেপি দলে এইবাৰ আমগুৰি সমষ্টিটোত নিজৰ দলৰ প্ৰাৰ্থী বিচৰাৰ পৰিৱৰ্তে অগপ দলেও কোনো কাৰণতে এৰি নিদিয়ে আমগুৰিৰ আসন খন ৷ যাৰ বাবে বিষয়টোৰ সন্দৰ্ভত ঘনে ঘনে ক্ষুন্নতা প্ৰকাশ কৰি আহিছে বিজেপিৰ দলীয় কৰ্মী সকলে ৷ আগন্তুক নিৰ্বাচনত যে সমষ্টিটোৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সময়ত দুয়োটা দলৰ মাজত সংঘাতৰ সৃষ্টি হ'ব সেইয়া প্ৰায় নিশ্চিত হৈ পৰিছে ৷

লগতে পঢ়কঃআজি দুই অক্টোবৰ: গান্ধী জয়ন্তী উপলক্ষে দেশজুৰি শ্ৰদ্ধাৰ্ঘ জাতিৰ পিতাক

ABOUT THE AUTHOR

...view details