অসম

assam

By

Published : Nov 15, 2019, 2:51 PM IST

Updated : Nov 15, 2019, 3:36 PM IST

ETV Bharat / state

লোমহৰ্ষক : মাতৃয়ে দিখৌৰ বুকুলৈ দলিয়ালে কন্যাক

শিৱসাগৰ নামদাং শিলাসাঁকোত জঘন্য কাণ্ড ৷ মাতৃয়ে দিখৌ নদীত দলিয়ালে নিজৰ 7 বছৰীয়া নিজ কন্যাক

মাতৃয়ে দিখৌৰ বুকুলৈ দলিয়ালে কন্যাক

শিৱসাগৰ,15 নৱেন্বৰঃশুকুৰবাৰে এক শিহৰণকাৰী ঘটনাই জোকাৰি যায় সমগ্ৰ শিৱসাগৰ জিলা ৷ শিৱসাগৰ সমীপৰ নামদাং শিলাসাঁকোত এগৰাকী মাতৃয়ে নিজ ৭ বছৰীয়া কন্যাক দিখৌ নদীত নিক্ষেপ কৰে ৷ নিৰ্দয় মাতৃগৰাকীৰ নাম অনুপমা দাস ৷ মাতৃগৰাকীয়ে সংবাদ মাধ্যমৰ আগত নিজেই নিজ কন্যাক নদীত নিক্ষেপ কৰাৰ কথা উল্লেখ কৰে ৷ মহিলাগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত জানিব পৰা গৈছে যে নিজ কন্যাৰ সৈতে দিখৌত জাঁপ দি আত্মহননৰ চেষ্টা চলাইছিল মহিলাগৰাকীয়ে ৷ কিন্তু মৃত্যুৰ প্ৰতি ভীত হৈ নিজে সাঁতুৰি পাৰলৈ উঠি আহে যদিও পানীত ডুব যায় কন্যা শিশুগৰাকী ৷

নিৰ্দয় মাতৃ

ইফালে ঘটনা সংঘটিত কৰিয়েই নিৰ্দয় মাতৃগৰাকী আইলামুখৰ নিজ পিতৃ-মাতৃগৃহলৈ গুচি যায়। বৰ্তমান ঘটনস্থলীত এচ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে দিখৌ নদীত অভিযান চলাই আছে যদিও মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই।

মাতৃয়ে দিখৌৰ বুকুলৈ দলিয়ালে কন্যাক

আৰু পঢ়কডিগবৈত বন্যহস্তীৰ সন্ত্ৰাস: আতংকিত গঞা ৰাইজ

Last Updated : Nov 15, 2019, 3:36 PM IST

ABOUT THE AUTHOR

...view details