আমগুৰি ২২ ডিচেম্বৰ: মঙলবাৰে পুৱাই শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ চাৰিং কেঁকুৰিত সংঘটিত হয় ভয়াৱহ এক পথ দুৰ্ঘটনা । লেপেটকটাৰ পৰা দিল্লী অভিমুখে আহি থকা KA-01AJ-1733 নম্বৰৰ এখন ট্ৰাক হঠাৎ বাগৰি পৰে পথৰ দাঁতিত ৰখাই থোৱা এখন ৱেগনাৰৰ ওপৰত ৷ ৱেগনাৰখনৰ নম্বৰ AS-06D-6465 ৷
গৌৰীসাগৰত পুৱাই সংঘটিত হ'ল ভয়াৱহ পথ দুৰ্ঘটনা - morning a road accident in Gaurisagar
শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ চাৰিং কেঁকুৰিত পুৱাই সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনা । লেপেটকটাৰ পৰা দিল্লী অভিমুখে আহি থকা KA-01AJ-1733 নম্বৰৰ এখন ট্ৰাক হঠাৎ বাগৰি পৰে পথৰ দাঁতি ৰখাই থোৱা এখন ৱেগনাৰৰ গাড়ীৰ ওপৰত ৷
গৌৰীসাগৰত পুৱাই সংঘটিক হ'ল ভয়াবহ পথ দুৰ্ঘটনা
স্থানীয় লোকে সদৰি কৰা অনুসৰি দিল্লী অভিমুখী ট্ৰাকখনে লেপেটকটাৰ পৰা প্লাষ্টিকজাতীয় সামগ্ৰী কঢ়িয়াই লৈ আহিছিল ৷ আনহাতে দুয়োখন গাড়ীৰ ড্ৰাইভাৰ সহ কোনো এজন লোক আঘাট প্ৰাপ্ত হোৱা নাই বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷