অসম

assam

ETV Bharat / state

শিৱসাগৰ জিলা দণ্ডাধীশক স্মাৰকপত্ৰ প্ৰদান ৰূপজ্যোতি কুৰ্মীৰ - শিৱসাগৰৰ আমগুৰি

শিৱসাগৰৰ আমগুৰিৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীক অবৈধ গৰ্ভপাত কৰি সভ্য সমাজৰ লগতে সমগ্ৰ চিকিৎসক সমাজক লজ্জানত কৰা কাণ্ডৰ উচিত তদন্ত বিচাৰি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুর্মী চাইকেলেৰে উপস্থিত হয় শিৱসাগৰ জিলা উপায়ুক্তৰ কার্যলয়ত ।

শিৱসাগৰ জিলা দণ্ডাধীশক স্মাৰকপত্ৰ প্ৰদান ৰূপজ্যোতি কুৰ্মীৰ
শিৱসাগৰ জিলা দণ্ডাধীশক স্মাৰকপত্ৰ প্ৰদান ৰূপজ্যোতি কুৰ্মীৰ

By

Published : Jul 11, 2020, 1:02 AM IST

শিৱসাগৰ, 10 জুলাই : আমগুৰিৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাক লৈ মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে শুকুৰবাৰে শিৱসাগৰ জিলা দণ্ডাধীশক এক স্মাৰক পত্ৰ প্ৰদান কৰে।

শিৱসাগৰ জিলা দণ্ডাধীশক স্মাৰকপত্ৰ প্ৰদান ৰূপজ্যোতি কুৰ্মীৰ

উল্লেখ্য যে, আমগুৰি সামুহিক চিকিৎসালয়ৰ উপ-অধীক্ষক চিকিৎসক হেমেন গগৈয়ে আমগুৰি নগৰৰ মাজ মজিয়াত ব্যক্তিগত ভাৱে খোলা কেয়াৰ লাইফ নামৰ ক্লিনিক খনত অনৈতিক ভাৱে এগৰাকী ১৩ বছৰীয়া কিশোৰীক গৰ্ভপাত কৰাৰ ফলত সম্প্ৰতি কিশোৰী গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে । পাচত তেওঁক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পৰৱৰ্তী সময়ত এই ঘটনা পোহৰলৈ অহাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল চিকিৎসক জনৰ বিৰুদ্ধে । কিন্তু চিকিৎসকজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা নল'লে প্ৰশাসনে ।

চিকিৎসকজনৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ আমগুৰি থানাত এজাহাৰ দাখিল হোৱাৰ পাচতো আজিলৈ আৰক্ষীয়ে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই সেই সন্দৰ্ভত জিলা দণ্ডাধীশক এক স্মাৰকপত্ৰ প্ৰদান কৰে বিধায়ক গৰাকীয়ে । পচক' আৰু এমটিপি আইন অমান্য কৰি চিকিৎসক হোমেন গগৈ আজিও মুকলি আকাশৰ তলত কেনেকৈ আছে এই প্ৰশ্ন উত্থাপন কৰি কুৰ্মীয়ে মৰিয়নীৰ পৰা চাইকেল যাত্ৰা কৰি শিৱসাগৰলৈ আহি এই অভিযোগ দাখিল কৰিছে। চাইকেলেৰে আহি অভিযোগ দাখিল কৰা কাৰ্য বিধায়ক গৰাকীৰ এক প্ৰতিবাদ বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক :বন্ধৰ দিশে স্বাস্থ্য বিভাগৰ নিৰ্দেশ অমান্য কৰা ব্যৱসায়িক প্ৰতিষ্ঠান

ABOUT THE AUTHOR

...view details