আমগুৰি, ১৫ জুন:শিৱসাগৰ জিলাৰ হালোৱাটিঙত বৃহস্পতিবাৰে দিনদুপৰতে মৰেল পুলিচিঙৰ এক ঘটনা সংঘটিত হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । জিলাখনৰ হালোৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত সাপ্তাহিক বজাৰত দুটা ৰাজমিস্ত্ৰীয়ে দুজনকৈ ছাত্ৰক মৰিয়াই হত্যাৰ চেষ্টা চলোৱাৰ পিচতেই এই ঘটনাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
জানিব পৰা মতে, আমগুৰি-হালোৱাটিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীক অশ্লীল ইংগিত দিয়াৰ বাবেই এই মাৰপিটৰ ঘটনাটো সংঘটিত হয় । ৰাজমিস্ত্ৰী ৰকিবুল ইছলামে মৰিয়াই হত্যাৰ চেষ্টা কৰে নৱম শ্ৰেণীৰ ছাত্ৰ সূৰয ঠাকুৰক । অভিযুক্ত ৰকিবুল ইছলামে কাঠৰ বাটামেৰে মূৰৰ পিছফালে আঘাত কৰাত থিতাতে সংজ্ঞাহীন হৈ পৰে ছাত্ৰজন । আনহাতে,এই ঘটনাক বাধা দিবলৈ যোৱা দীপন চাহু নামৰ ছাত্ৰ এজনকো ৰকিবুল ইছলামে আক্ৰমণ কৰে ।
দীপন চাহু নামৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰজনক ৰাজমিস্ত্ৰী দুটাই মৰিয়াই আহত কৰি নলাৰ পানীত জুবুৰিয়াই হত্যাৰ চেষ্টা চলায় । ইয়াৰ পিচতেই ঘটনাস্থলীত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয় । সেই সময়ত আমগুৰি গাঁও পঞ্চায়তৰ সম্পাদকজন ঘটনাস্থলীত উপস্থিত হোৱাত সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় হালোৱাটিং আৰক্ষীক খবৰ দিয়ে ।