অসম

assam

ETV Bharat / state

গুণ বৰুৱাৰ মৃত্যুত পুত্ৰসম মণিৰুল ইছলাম বড়াৰ মুণ্ডন - গুণ বৰুৱাৰ মৃত্যুত পুত্ৰসম মণিৰুল ইছলাম বড়াৰ মুণ্ডন

কোভিড ১৯ য়ে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ মাজতো সোমবাৰে শিৱসাগৰত এজন ইছলাম ধৰ্মালম্বী লোকে হিন্দু ধৰ্মৰ এজন লোকক পিতৃ জ্ঞান কৰি এইদৰেই হিন্দু ধর্মৰ নীতি নিয়ম পালন কৰি যি উদাহৰণ দাঙি ধৰিলে এই কথাই পুনৰ বাৰ প্ৰমাণ কৰিলে যে এয়া শংকৰ আজানৰ দেশ ৷

Sivsagar
মণিৰুল ইছলাম বড়া

By

Published : Jul 6, 2020, 4:38 PM IST

শিৱসাগৰ, 6 জুলাইঃশিৱসাগৰৰ মেলাচকৰৰ নিজা বাসগৃহত 16 জুনত দেহাৱসান ঘটিছিল দৈনিক জনমভূমি বাতৰি কাকতৰ জন্মলগ্নৰে পৰা জড়িত থকা জ্যেষ্ঠ সাংবাদিক গুণ বৰুৱাৰ । তেখেতে লাভ কৰিছিল কনক চন্দ্ৰ শৰ্মা সাংবাদিক বঁটা । তেখেতে অধ্যাপনা কৰিছিল জাঁজী হেমনাথ শৰ্মা কলেজত ।

লগতে পঢ়কঃ লক ডাউন: মহানগৰীত এসপ্তাহৰ পিছত খুলিল গেলামাল দোকান

গুণ বৰুৱাৰ মৃত্যুৰ আজি ২১ দিন। পৰম্পৰাগত নিয়ম অনুসৰি সোমবাৰে তেখেতৰ দুই পুত্ৰৰ লগতে স্বর্গীয় গুণ বৰুৱাক পিতৃ জ্ঞান কৰি বৰুৱালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক মণিৰুল ইছলাম বড়াই মুণ্ডন কৰে। উল্লেখ্য যে, প্রয়াত বৰুৱাৰ পৰিয়ালৰ সদস্যৰ লগতে সম্পূৰ্ণ হিন্দু ধৰ্মৰ ৰীতি নীতি মাজেৰে বিগত ২১ দিন পাৰ কৰিছিল দৈনিক অসম আৰু অসমীয়া খবৰ বাতৰি কাকত জ্যেষ্ঠ সাংবাদিক মণিৰুল ইছলাম বড়াই ৷ পিতৃৰ প্ৰতি মণিৰুল ইছলাম বড়াৰ অগাধ বিশ্বাস , শ্রদ্ধা , ভক্তি, ত্যাগ দেখি সন্তোষ প্ৰকাশ কৰিছে গুণ বৰুৱাৰ পুত্রদ্বয়ে ।

মণিৰুল ইছলাম বড়া
কোভিড ১৯ য়ে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ মাজতো সোমবাৰে শিৱসাগৰত এজন ইছলাম ধৰ্মালম্বী লোকে হিন্দু ধৰ্মৰ এজন লোকক পিতৃ জ্ঞান কৰি এইদৰেই হিন্দু ধর্মৰ নীতি নিয়ম পালন কৰি যি উদাহৰণ দাঙি ধৰিলে এই কথাই পুনৰ বাৰ প্ৰমাণ কৰিলে যে অসম সঁচাকৈয়ে শংকৰ আজানৰ দেশ ৷

ABOUT THE AUTHOR

...view details