অসম

assam

ETV Bharat / state

নামতিত বৃহৎ পৰিমাণৰ লালীগুড় জব্দ - Molasses seized in namati Sivasagar

শিৱসাগৰৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে লালীগুড়ৰ অবৈধ ব্যৱসায় ৷ শনিবাৰে শিৱসাগৰত জব্দ হয় বুজন পৰিমাণৰ লালীগুড় (Molasses seized in Sivasagar) ৷

molasses-seized-in-sivasagar
শিৱসাগৰত বৃহৎ পৰিমাণৰ লালীগুড় জব্দ

By

Published : Dec 26, 2021, 1:28 PM IST

আমগুৰি, 26 ডিচেম্বৰ : আৰক্ষীৰ চকুত ধূলি দি একাংশ সমাজ বিৰোধী চক্ৰই চলাই আছে লালীগুড়ৰ অবৈধ ব্যৱসায় ৷ শনিবাৰে শিৱসাগৰৰ নামতিত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ লালীগুড় (Molasses seized in Sivasagar) ৷

নামতি চাৰিআলিৰ ধোদৰ আলিত নিশা আৰক্ষীৰ টহলদাৰী দলে AS-03 BC-9704 নম্বৰৰ এখন বলেৰ’ পিক আপ ভান নাজিৰাৰ দিশে গৈ থকা অৱস্থাত জব্দ কৰে ৷ এই বাহনখনতে আছিল প্ৰায় ১৫০ টিনত অনা লালীগুড় ৷

শিৱসাগৰত বৃহৎ পৰিমাণৰ লালীগুড় জব্দ

দীৰ্ঘদিন ধৰি আমগুৰিৰ একাংশ অবৈধ ব্যৱসায়ীয়ে চামগুৰি, জেহেনীয়া, দেওৰজা, দোপদৰকে ধৰি বিভিন্ন এলেকাত লালীগুড়ৰ সৰবৰাহ কৰি আহিছিল ৷ এই লালীগুড় চুলাই মদ প্ৰস্তুত কৰোতে বিশেষকৈ ব্যৱহাৰ কৰা হয় ৷

আমগুৰিৰ লগতে নাজিৰাৰ একাংশ অসাধু ব্যৱসায়ীয়েও ধোদৰ আলিৰ মাজেৰে নামতি চাৰিআলি হৈ এই অবৈধ ব্যৱসায় চলাই আহিছিল । এনে লালীগুড় পশুধনৰ খাদ্য হিচাপে ব্যৱসায়ীসকলে ক্ৰয় কৰি নিয়ে যদিও একাংশ অসাধু ব্যৱসায়ীয়ে ইয়াক চুলাই মদ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰে ৷

লগতে পঢ়ক :বোকাখাতত বিলাসী বাহনৰ পৰা জব্দ লালি গুৰ

ABOUT THE AUTHOR

...view details