অসম

assam

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 7:33 PM IST

ETV Bharat / state

Protest in Sivasagar: অসমত বহিৰাগত বণিয়াৰ দপদপনি নচলিব, হুংকাৰ শৃংখল চলিহাৰ

শিৱসাগৰত সদৌ অসম মোবাইল টাৱাৰ কেয়াৰ টেকাৰ সন্থাৰ উত্তাল প্ৰতিবাদ ৷ টাৱাৰ কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ শ শ শ্ৰমিকৰ ৷ শ্ৰমিকক শোষণ আৰু ভীতি প্ৰদৰ্শনৰ অভিযোগ তুলি ইন্দাচ টাৱাৰ কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ ৷

Protest in Sivasagar
অসমত বহিৰাগত বণিয়াৰ দপদপনি নচলিব

অসমত বহিৰাগত বণিয়াৰ দপদপনি নচলিব

শিৱসাগৰ, 28 আগষ্ট :শিৱসাগৰত সদৌ অসম মোবাইল টাৱাৰ কেয়াৰ টেকাৰ সন্থাৰ উত্তাল প্ৰতিবাদ । ইন্দাচ টাৱাৰ কোম্পানীৰ বিষয়াই মোবাইল টাৱাৰৰ শ্ৰমিকক শোষণ আৰু ভীতি প্ৰদৰ্শনৰ অভিযোগেৰে প্ৰতিবাদ শ্ৰমিকৰ ৷ সোমবাৰে ষ্টেচন চাৰিআলিৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে শ্ৰমিকসকলে । কোম্পানীৰ দুই অনা অসমীয়া মুৰব্বীৰ বিৰুদ্ধে শোষণ আৰু শ্ৰমিকক ভীতি প্ৰদৰ্শনৰ অভিযোগ উত্থাপন কৰে ।

উজনিৰ অসমৰ ৩০০ থলুৱা যুৱকক ভাতে মৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ ইন্দাচ টাৱাৰ কোম্পানীৰ বিৰুদ্ধে ৷ উল্লেখ যে, ২০০৫ চনৰ পৰা কৰ্মৰত যুৱকক সকলক পৰ্য্যায়ক্ৰমে কামৰ পৰা অব্যাহতি দিয়াৰ অভিযান আৰম্ভ কৰিছে কোম্পানীটোৱে । ২৭০০ টকা দৰমহাৰ পৰা বৰ্তমানৰলৈকে কেয়াৰ টেকাৰ হিচাপে বিভিন্ন এয়াৰটেল টাৱাৰত কৰ্মৰত আছে যুৱকসকল ।

শেহতীয়াকৈ শিৱসাগৰৰ ২০ জনৰো অধিক যুৱকক কামৰ পৰা অব্যাহতি দিয়াৰ বিষয়টোকত লৈ উদ্বেগ প্ৰকাশ কৰিছে দল সংগঠনে । উক্ত প্ৰতিবাদত বীৰ লাচিত সেনা অসমৰ হৈ শৃংখল চলিহাই কয় যে, অনা অসমীয়া দুই ব্যৱসায়ীক এনকাউন্টাৰ কৰিব লাগে । জাতি, মাটি, ভেটিৰ কথা কোৱা চৰকাৰে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা আৰু সংস্থাপনৰ নামত ৰাজনীতি কৰিলে নচলিব । শ্ৰমিকে প্ৰতিবাদ কৰাৰ বাবে যদি অসম চৰকাৰে আৰক্ষী লগাই জে’লত দিয়ে নাইবা গুলী কৰে তেন্তে প্ৰথম গুলিটো খাবলৈ শৃংখল চলিহা সাজু আছে ।

‘‘কি কাৰণে কৰ্মচাৰীক চাকৰিৰ পৰা খেদিছে অসমীয়া যুৱক ! লিখিত ভাবে কাৰণ জানিবলৈ বিচাৰিছিলোঁ ৷ কিন্তু তেওঁলোকে একো গুৰুত্ব নিদিলে ৷ বৰঞ্চ কৰ্মচাৰীসকলৰ দৰমহা বন্ধ কৰি ৰাখিছে ৷ ’’ এই মন্তব্য ভুক্তভোগী শ্ৰমিকৰ ৷

লগতে পঢ়ক:Students protest in Amguri: শিক্ষকৰ বদলিকৰণ বাতিলৰ দাবীত প্ৰতিবাাদ

ABOUT THE AUTHOR

...view details