অসম

assam

ETV Bharat / state

অভি-নীলৰ পিচত এইবাৰ প্ৰশান্ত আৰু পাৰ্থ , কথমপি ৰক্ষা ! - পুনৰাবৃত্তি

ডকমকা কাণ্ডৰ যেন পুনৰাবৃত্তি ৷ শিৱসাগৰৰ নাজিৰাত এদল উন্মত্ত লোকৰ আক্ৰমণৰ বলি হ’ব লগা হ’ল বিহু খাবলৈ যোৱা দুই যুৱক ৷ নঙলামৰাত সংঘটিত এই হৃদয়বিদাৰক দৃশ্যই প্ৰকৃততে সূচাইছে কি ?

নাজিৰাৰ নঙলামৰাত দলৱদ্ধ আক্ৰমণৰ বলি দুই যুৱক

By

Published : Apr 18, 2019, 8:38 AM IST

Updated : Apr 18, 2019, 8:55 AM IST

শিৱসাগৰ , 18 এপ্ৰিল : শিৱসাগৰ জিলাৰ অন্তৰ্গত নাজিৰাৰ নিকটৱৰ্তী নঙলামৰাত বুধবাৰে উন্মত্ত জনতাৰ আক্ৰমণৰ বলি হয় দুই যুৱক ৷ শিমলুগুৰি আৰক্ষীৰ তৎপৰতাৰ বাবে কথমপি প্ৰাণ ৰক্ষা পৰে যুৱক দ্বয়ৰ ৷

নাজিৰাৰ নঙলামৰাত দলৱদ্ধ আক্ৰমণৰ বলি দুই যুৱক

ডকমকা কাণ্ডৰ কথা প্ৰতিজন লোকৰে মানসপটত আজিও সজীৱ হৈ আছে। কেৱল অন্ধবিশ্বাসৰ বলি হৈ চিৰদিনৰ বাবে ডকমকাত হেৰাই গৈছিল দুই প্ৰতিভাৱান অসমীয়া যুৱক ৷ পুনৰ এনে এক কাণ্ড সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল নাজিৰা ৷ নাজিৰাৰ নিকটৱৰ্তী নঙলামৰাত সংঘটিত হয় উক্ত ডকমকা সদৃশ ঘটনাৰ পুনৰাবৃত্তি ৷ জানিব পৰা মতে প্ৰশান্ত কোঁৱৰ আৰু পাৰ্থ প্ৰতিম বৰুৱা নামৰ দুজন যুৱক বিহু খাবলৈ ঘৰৰ পৰা ওলাই যায় ৷ তেনে সময়তে যুৱকদ্বয় নঙলামৰা পোৱাৰ পাচতেই এদল উন্মত্ত লোকে কোনো কথাৰ অৱতাৰণা নকৰাকৈয়ে নৃশংসভাৱে আক্ৰমণ চলায় ৷ প্ৰায় এঘন্টাৰ অধিক সময় 20 জনীয়া উন্মত্ত লোকৰ আক্ৰমণৰ বলি হোৱা দুই নিৰীহ যুৱকৰ ভিতৰত পাৰ্থ প্ৰতীম বৰুৱা সংবাদ ক্ষেত্ৰৰ লগত বিগত সময়ছোৱাত জড়িত হৈ আছিল ৷ এই কথা জানিও পাৰ্থপ্ৰতিমক জাতীয় তাচ্ছিল্যসূচক মন্তব্য কৰে একাংশ আক্ৰমণকাৰীয়ে ৷ আক্ৰমণকাৰীৰ মাজৰে কোনো কোনোৱে মোবাইলত ৰেকৰ্ডিং কৰে মাৰপিট কৰা কিছু দৃশ্যাংশ ৷ অৱশ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আহত যুৱকদ্বয়ক উদ্ধাৰ কৰে ৷ ইপিনে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত আক্ৰমণকাৰী দলটো পলায়ন কৰে যদিও আক্ৰমণত জড়িত দুজন যুৱকক আটক কৰে শিমলুগুৰি আৰক্ষীয়ে ৷ আনহাতে অভিযোগ অনুসৰি আক্ৰমণৰ বলি হোৱা যুৱক প্ৰশান্তই শিমলুগুৰি আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পূৰ্বে আটকাধীন যুৱকদ্বয়ক থানাৰ পৰা যাবলৈ দিয়া হয় ৷ ভুক্তভোগী যুৱক প্ৰশান্তই এজাহাৰত মুঠ পোন্ধৰ গৰাকী আক্ৰমণকাৰী বিষয়ে উল্লেখ কৰিছে ৷ আশ্বৰ্য্যজনক এইয়ে যে আক্ৰমণকাৰীয়ে স্থানীয় গাঁওবুঢ়াৰ উপস্থিতিত এই আক্ৰমণ সংঘটিত কৰে বুলি এজাহাৰত উল্লেখ কৰাৰ লগতে উক্ত আক্ৰমণত এজন গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তা জড়িত থকাৰ কথাও কয় প্ৰশান্তই ৷ এতিয়া পৰৱৰ্তী সময়ত আৰক্ষীয়ে আক্ৰমণকাৰী সকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ৷

Last Updated : Apr 18, 2019, 8:55 AM IST

ABOUT THE AUTHOR

...view details