আমগুৰি, 12 মে' :দৰিদ্ৰতাই কোঙা কৰা আমগুৰিৰ এটা পৰিয়ালক সহায়ৰ হাত আগবঢ়ালে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই ৷ আমগুৰি সমষ্টিৰ দিকচু গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰিয়ৰাম গগৈৰ পৰিয়ালটোৱে বিগত কেবাবছৰে দুৰ্বিষহভাৱে জীৱন অতিবাহিত কৰি আহিছে ৷ ৰোগাক্ৰান্ত প্ৰিয়ৰাম গগৈৰ সন্তান ঘন গগৈয়ো মানসিকভাৱে কিছু অসুস্থ । তিনিজনীয়া পৰিয়ালটোৰ উপাৰ্জনকাৰী ব্যক্তিজন ৰুগীয়া হোৱাত পত্নীয়েই খুজি মাগি পৰিয়ালটো পোহ-পাল দিছে ৷
আমগুৰিৰ গৃহহীন পৰিয়ালক সহায়ৰ হাত বিধায়ক প্ৰদীপ হাজৰিকাৰ - বিধায়ক প্ৰদীপ হাজৰিকা
আৰ্থিক দৈন্যতাই কোঙা কৰা আমগুৰিৰ প্ৰিয়ৰাম গগৈৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়ালে বিধায়ক প্ৰদীপ হাজৰিকাই ৷ লগতে একাংশ জাতীয় সংগঠনৰ নেতা-কৰ্মীয়ে পৰিয়ালটোলৈ আৰ্থিক সহায় আগবঢ়ায় মহানুভৱতাৰ পৰিচয় দাঙি ধৰে।
আমগুৰিৰ গৃহহীন পৰিয়ালক সহায়ৰ হাত বিধায়ক প্ৰদীপ হাজৰিকাৰ
প্ৰিয়ৰাম গগৈৰ পত্নীৰ বাবে স্বামী আৰু পুত্ৰৰ ন্যূনতম চিকিৎসাটো দূৰৰ কথা দুবেলা দুমুঠি যোগাৰ কৰাটো কষ্টকৰ হৈ পৰিছে । ইয়াৰোপৰি বাসস্থানো জৰাজীৰ্ণ। অস্বাস্থ্যকৰ পৰিবেশত দিন ৰাতি একাকাৰ কৰি ৰ'দ-বৰষুণতে জীৱন অতিবাহিত কৰিবলগীয়া হোৱা পৰিয়ালটোক অৱশেষত সহায় কৰিবলৈ আগবাঢ়ি আহিল স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকা। আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ লগতে একাংশ জাতীয় সংগঠনৰ নেতা-কৰ্মীয়ে আৰ্থিক সহায় আগবঢ়ায় মহানুভৱতাৰ পৰিচয় দাঙি ধৰে।
লগতে পঢ়ক : ন-প্ৰভাতৰ সুখৰ কিৰণ জানমণিৰ চোতালত !