অসম

assam

ETV Bharat / state

ধোদৰ আলি পথ সঠিকভাৱে নিৰ্মাণৰ নিৰ্দেশ বিধায়ক প্ৰদীপ হাজৰিকাৰ - ধোদৰ আলি পথ নিৰ্মাণত দুৰ্নীতি

আমগুৰিত ঐতিহাসিক ধোদৰ আলি(Dhodar Ali) পথ পৰিদৰ্শন কৰি পথটো সঠিকভাৱে মেৰামতি কৰাৰ নিৰ্দেশ বিধায়ক প্ৰদীপ হাজৰিকা(Pradip Hazarika)ৰ ৷ ধোদৰ আলি(Dhodar Ali) পথ মেৰামতিত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ বাতৰি ইতিমধ্যে ইটিভি ভাৰতযোগে সম্প্ৰচাৰ হৈছিল ৷ এই বাতৰিৰ পাচতে তাৎক্ষণিক প্ৰতিক্ৰিয়া বিধায়ক হাজৰিকাৰ ৷

mla-pradip-hazarika-has-ordered
বিধায়ক প্ৰদীপ হাজৰিকাৰ নিৰ্দেশ

By

Published : Oct 1, 2021, 10:58 AM IST

আমগুৰি, 1 অক্টোবৰ : আমগুৰিত লোকনিৰ্মাণ বিভাগ(PWD Department)ৰ পথ মেৰামতিত ব্যাপক অনিয়মৰ বাতৰি প্ৰকাশৰ পাচতে বৃহস্পতিবাৰে ঐতিহাসিক ধোদৰ আলি(Dhodar Ali)পথ পৰিদৰ্শন কৰে বিধায়ক প্ৰদীপ হাজৰিকা(Pradip Hazarika)ই ৷ ঐতিহাসিক ধোদৰ আলি পথ নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল ৷

বিধায়ক প্ৰদীপ হাজৰিকাৰ নিৰ্দেশ

বিধায়ক প্ৰদীপ হাজৰিকাই আমগুৰি লোকনিৰ্মাণ বিভাগৰ বিষয়াৰ সৈতে ধোদৰ আলি পথ পৰিদৰ্শন কৰি পথচোৱা সঠিকভাৱে নিৰ্মাণ কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ প্ৰদান কৰে ৷ উল্লেখ্য যে, প্ৰায় 8 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা পথটোৰ বখলা-বখলে ব্লেক টেপিং এৰিবলৈ আৰম্ভ কৰিছে ৷ আমগুৰি জাঁজী দলঙৰ পৰা চামগুৰিলৈকে মেৰামতি কৰি থকা এই পথটোৰ ব্লেক টেপিং এৰি যোৱাত ইতিমধ্যে বহুকেইটা দুৰ্ঘটনাও সংঘটিত হৈছে ৷

ঠিকাদাৰে অতি নিম্নমানদণ্ডৰ সঁজুলিৰে পথ নিৰ্মাণ কৰাৰ পাচতো আমগুৰি লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাই কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ ইয়াৰ পাচতে ক্ষোভিত হৈ পৰিছিল স্থানীয় সচেতন লোকসকলৰ লগতে স্থানীয় দল-সংগঠন ৷ বিধায়ক হাজৰিকাৰ নিৰ্দেশমৰ্মে পথটো মেৰামতিত ঠিকাদাৰে পুনৰ গাফিলতি নকৰাৰ আশা কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :ৰঙিয়াত শতাধিক বঞ্চিত শিল্পীৰ অভিনৱ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details