অসম

assam

ETV Bharat / state

বিধায়ক প্ৰদীপ হাজৰিকাৰ ব্যক্তিগত গাড়ীচালকৰ কৰ’ণাত মৃত্যু

বিগত প্ৰায় ৭ বছৰ ধৰি বিধায়ক প্ৰদীপ হাজৰিকাৰ ব্যক্তিগত গাড়ীচালক হিচাপে আছিল কানু । কৰ'ণাত আক্ৰান্ত হৈ কানু জয়সাগৰ চিভিল হাস্পতালত চিকিৎসাধীন হৈ আছিল । পৰৱৰ্তী সময়ত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল ।

driver dead
প্ৰদীপ হাজৰিকাৰ ব্যক্তিগত গাড়ীচালকৰ মৃত্যু

By

Published : Jun 2, 2021, 8:06 PM IST

আমগুৰি, ২ জুন : ৰাজ্যত কৰ'ণা আক্ৰান্তৰ সংখ্যা হ্ৰাস পালেও প্ৰতিদিনে মৃত্যু হৈ আছে প্ৰায় অৰ্ধ শতাধিক লোকৰ । এইবাৰ কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ ব্যক্তিগত গাড়ীচালকৰ । বুধবাৰে মৃত্যু হয় বিজয় কৃষ্ণ গগৈ ওৰফে কানু নামৰ ব্যক্তিগত গাড়ীচালকগৰাকীৰ । তেওঁৰ মৃত্যুৰ পিছতে এতিয়া শোকৰ ছাঁ পৰিছে সমষ্টিটোত ।

উল্লেখ্য যে, বিগত প্ৰায় ৭ বছৰ ধৰি বিধায়ক প্ৰদীপ হাজৰিকাৰ ব্যক্তিগত গাড়ীচালক হিচাপে আছিল কানু । কৰ'ণাত আক্ৰান্ত হৈ কানু জয়সাগৰ চিভিল হাস্পতালত চিকিৎসাধীন হৈ আছিল । পৰৱৰ্তী সময়ত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত কৰ’ণাৰ ওচৰত হাৰ মানিলে বিজয় কৃষ্ণ গগৈ ওৰফে কানুৱে ।

লগতে পঢ়ক:এক লাখ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ: ৮৯৬ পদৰ প্ৰথমটো বিজ্ঞাপন প্ৰকাশ

ABOUT THE AUTHOR

...view details