আমগুৰি, 9 ফেব্ৰুৱাৰী: আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই সোমবাৰে 'অসম দৰ্শন' আঁচনিৰ অধীনত নিৰ্মাণ হ'বলগীয়া সমষ্টিটোৰ অন্তৰ্গত 61 টা নামঘৰৰ আধাৰশিলা স্থাপন কৰে । অসম দৰ্শন আঁচনিৰ অধীনত 2.50 লাখ টকাৰ অনুদানেৰে সমষ্টিটোৰ 90 টা নামঘৰলৈ আগবঢ়োৱা হৈছে এই বিশেষ পুঁজিৰ ধন ৷
অসম দৰ্শন আঁচনিৰ অধীনত আমগুৰিত তিনিকুৰি নামঘৰৰ আধাৰশিলা - আমগুৰি সমষ্টি
'অসম দৰ্শন' আঁচনিৰ অধীনত নিৰ্মাণ হ'বলগীয়া আমগুৰি সমষ্টিৰ 61 টাকৈ নামঘৰৰ আধাৰশিলা স্থাপন কৰিলে স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাই ৷ সমষ্টিটোৰ অন্তৰ্গত 90 টা নামঘৰলৈ আগবঢ়োৱা হৈছে এই বিশেষ আঁচনিৰ পুঁজিৰ ধন ৷
61টা নামঘৰৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক প্ৰদীপ হাজৰিকাই
উল্লেখ্য যে, আধাৰশিলা স্থাপন কৰি বিধায়ক গৰাকীয়ে কয় যে, অসমৰ সমাজ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ নামঘৰৰ উন্নয়নে সমাজৰ সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক বিকাশত বহুখিনি সহায়ক হ'ব ৷ এই আধাৰশিলা স্থাপন অনুষ্ঠানত আমগুৰি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ধৰ্মলতা গোঁহাই, অসম গণ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক নিত্যা কলিতাকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।