শিৱসাগৰ, ১০ নৱেম্বৰ :লিডু-মাৰ্ঘেৰিটাত কয়লাৰ ব্যাপক খনন সন্দৰ্ভত সৰৱ হৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ । 'ইণ্ডিয়া টুডে' নামৰ পত্ৰিকাখনত নৱেম্বৰ মাহৰ সংখ্য়াত কয়লাৰ ব্যাপক খনন সন্দৰ্ভত প্ৰকাশিত এক বাতৰিৰ আঁত ধৰি শুক্ৰবাৰে চৰকাৰৰ বিৰুদ্ধে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সৰৱ হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে । বিধায়ক অখিল গগৈয়ে শিৱসাগৰত আয়োজিত এক সংবাদমেলত তেওঁ চৰকাৰক তীব্ৰ সমালোচনা কৰে ।
আজি ৰাইজৰ দলৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ইণ্ডিয়া টুডেৰ নৱেম্বৰ মাহত পত্ৰিকাত প্ৰকাশিত লিডু-মাৰ্ঘেৰিটাৰ পাহাৰত ব্যাপক কয়লাখনন প্ৰতিবেদনৰ আঁত ধৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে । ইণ্ডিয়া টুডেৰ উক্ত প্ৰতিবেদনত পাটকাই পাহাৰত ব্যাপক অপেন কাষ্ট আৰু ৰেট হ'ল মাইনিঙৰ লগতে কয়লাৰ অবৈধ মজুতকৰণ আৰু সৰৱৰাহক লৈ বিধায়ক গৰাকী সৰৱ হৈ পৰে ।