শিৱসাগৰ, 5 মাৰ্চ :পুনৰ অসম-নাগালেণ্ড সীমান্তত উত্তেজনা ৷ শিৱসাগৰৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী বৰছিলাত এইবাৰ দুৰ্বৃত্তই চলালে তাণ্ডৱ (Miscreants burn tea gardens on Assam Nagaland border) ৷ বৰছিলা বাগিচাৰ নামতি গ্ৰান্টত দুৰ্বৃত্তই জ্বলাই দিয়ে ১০ বিঘা মাটিৰে আৱৰা এখন চাহ বাগিচা ৷
ইয়াৰোপৰি দুবৃত্তই চাহ খেতিয়কৰ কেইবাটাও জিৰণি ঘৰো জ্বলাই দিয়াৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ৷ জানিব পৰা মতে, পাঁচজনকৈ ক্ষুদ্ৰ চাহখেতিয়কৰ আছিল এই চাহবাগিচাখন ৷ তেওঁলোক হ’ল বৰছিলা বাগিচাৰ দুখৌ তাঁতীৰ ১ বিঘা, ৰঞ্জীত তাঁতীৰ ২ বিঘা, সঞ্জীত তাঁতীৰ ২ বিঘা, সন্তোষ নায়কৰ ১ বিঘা, চপনা নায়কৰ ৪ বিঘা চাহখেতি (Miscreants damage tea garden) ৷