অসম

assam

ETV Bharat / state

শিৱসাগৰৰ এনআৰচি কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ

ইপিনে অতুল বৰাক চিকিৎসালয়লৈ নিয়াৰ পাচত উন্মুক্ত অৱস্থাত হৈ পৰি ৰৈছিল এনআৰচিৰ কাৰ্যালয়টো। আনহাতে এনআৰচিৰ খচৰা প্ৰকাশৰ সময়ত এইদৰে কাৰ্যালয়ৰ চৌহদত মেলাৰ অনুমতি প্ৰদান কৰাত সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এনআৰচি কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ

By

Published : Aug 26, 2019, 9:46 AM IST

Updated : Aug 26, 2019, 10:18 AM IST

শিৱসাগৰ , 26 আগষ্টঃএনআৰচিৰ পূৰ্ণ খচৰা প্ৰকাশৰ দিন চমু চাপি অহাৰ সময়তে দেওবাৰে নিশা শিৱসাগৰ নগৰৰ কে পি চাৰিআলিৰ পুৰণা জিলা পুথিভঁড়ালত থকা এনআৰচি সেৱা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এদল সুৰামত্ত যুৱকে সেৱা কেন্দ্ৰটোৰ নৈশ চকীদাৰ অতুল বৰাক কাৰ্যালয়ৰ ভিতৰতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে৷

এনআৰচি কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ

গুৰুতৰ ভাবে আহত অতুল বৰা বৰ্তমান জয়সাগৰৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ অভিযোগ অনুসৰি পুৰণি পুথিভঁৰালৰ চৌহদত অনুষ্ঠিত হোৱা আনন্দমেলাৰ উদ্যোগতাই নৈশ চকীদাৰ জনক প্ৰহাৰ কৰে। ইতিমধ্যে ভংগ হোৱা আনন্দমেলাৰ কেতবোৰ সামগ্ৰী চুৰি হোৱাৰ অভিযোগত বৰাক এইদৰে সুৰামত্ত দলটোৱে প্ৰহাৰ কৰে বুলি অভিযোগ কৰে নৈশ চকীদাৰ জনে।সমগ্ৰ ঘটনা সংঘটিত কৰি আৰক্ষী অহাৰ উমান পাই পলায়ন কৰে দুৰ্বৃত্তৰ দলটো । ইপিনে অতুল বৰাক চিকিৎসালয়লৈ নিয়াৰ পাচত উন্মুক্ত অৱস্থাত হৈ পৰি ৰৈছিল এনআৰচিৰ কাৰ্যালয়টো। আনহাতে এনআৰচিৰ খচৰা প্ৰকাশৰ সময়ত এইদৰে কাৰ্যালয়ৰ চৌহদত মেলাৰ অনুমতি প্ৰদান কৰাত সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Last Updated : Aug 26, 2019, 10:18 AM IST

ABOUT THE AUTHOR

...view details