আমগুৰি, 5 এপ্ৰিলঃদেওবাৰে আমগুৰিত বিভিন্ন বিষয় বুজ ল'বলৈ উপস্থিত হয়, দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মোহন । আমগুৰিত উপস্থিত হৈয়েই মন্ত্ৰী গৰাকী পোনপ্ৰথমে পৰিদৰ্শন কৰে আমগুৰি সামূহিক চিকিৎসালয় । চিকিৎসালয়খনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে, চিকিৎসালয়খনৰ স্বাস্থ্যকৰ্মী সকল সজাগ হৈ আছেনে নাই, প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছেনে নাই আদি ভিন্ন বিষয় সন্দৰ্ভত আলোচনাত মিলিত হয় ।
বিভিন্ন বিষয়ৰ বুজ ল'বলৈ আমগুৰিত উপস্থিত মন্ত্ৰী যোগেন মোহন - দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মোহন
দেওবাৰে দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মোহন আমগুৰিত উপস্থিত হৈ বিভিন্ন বিষয় সন্দৰ্ভত বুজ লয় । আমগুৰি সামূহিক চিকিৎসালয় পৰিদৰ্শন কৰাৰ পিচত তেওঁ নিজে অগ্নিনিৰ্বাপক বাহিনীৰ লোকৰ সহযোগত ছেনিটাইজিং আমগুৰি চাৰিআলিত ছেনিটাইজ কৰে ।
minister jogen mohan visited amguri
আনহাতে মন্ত্ৰী গৰাকীয়ে আমগুৰিত ছেনিটাইজিং ব্যৱস্থাৰো বুজ লয় । লগতে তেওঁ নিজেও আমগুৰি চাৰিআলিত অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত ছেনিটাইজিং কৰে ।
লগতে পঢ়কঃকৰ্মহীন হৈ পৰিল প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাত কৰ্মৰত ৮০০ যুৱক যুৱতী