শিৱসাগৰ, 5 জানুৱাৰী : মঙলবাৰে শিৱসাগৰত উপস্থিত হ'ল ৰাজহ মন্ত্ৰী যোগেন মহন(Jogen Mohan in Sivasagar)৷ শিৱসাগৰত উপস্থিত হৈ ঐতিহ্যমণ্ডিত শিৱসাগৰ মহাবিদ্যালয়ত পৰাগধৰ চলিহা খেলপথাৰত নৱনিৰ্মিত ইনড'ৰ ষ্টেডিয়ামৰ শুভ উদ্ধোধন কৰিলে মন্ত্ৰী যোগেন মহনে(Jogen Mohan inaugurated Parag Chaliha Indoor stadium) ৷
উল্লেখ্য যে, বিশ্ববিদ্যালয় অনুদান আয়োগে মহাবিদ্যালয়খনৰ ইনড'ৰ ষ্টেডিয়ামৰ লগতে খেলপথাৰ আৰু খেলৰ সা-সাৰঞ্জমৰ বাবে ১ কোটি ১৫ লাখ টকাৰ অনুদান আগবঢ়াইছিল(Assam Revenue Minister inaugurated Indoor stadium) । প্ৰথম কিস্তিৰ ৬০ লাখ টকা মুকলি কৰি দিয়াৰ পাছত মহাবিদ্যালয়খনৰ নিজা পুঁজিৰ পৰা ৫৫ লাখ টকা সংযোগ কৰি সৰ্বমুঠ ১ কোটি ১৫ লাখ টকা ব্যয় সাপেক্ষে এই ইনড'ৰ ষ্টেডিয়ামখন নিৰ্মাণ কৰি উলিয়াওৱা হৈছে ।