শিৱসাগৰ, 4 নৱেম্বৰ:দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত চলি থকাৰ সময়তে শুকুৰবাৰে শিৱসাগৰত উপস্থিত হয় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । তেওঁ শিৱসাগৰৰ তিনিওটা সমষ্টিতে বিজেপি মিত্ৰজোঁটে জয়লাভ কৰাৰ দাবী কৰে ৷ তেওঁ সমষ্টিটোত বৰ্তমান বিৰোধী শূন্য বুলি উল্লেখ কৰি অধিক ভোটৰ ব্যৱধানত দলটোক জয়ী কৰোৱাৰ বাবে আলোচনা কৰিবলৈহে সমষ্টিলৈ অহাৰ কথা জানিবলৈ দিয়ে(Deori Autonomous Council Election 2022) ৷
মন্ত্ৰী বৰুৱাই লগতে দেউৰী জনগোষ্ঠীৰ অৰ্থনৈতিক, সামাজিক তথা আন্তঃগাঁঠনি উন্নয়ন কৰি সমানে আগুৱাই নিয়াৰ কথা ব্যক্ত কৰে ৷ তেওঁ লগতে দেউৰী জনগোষ্ঠীৰ সমস্যা, অভাৱ আভিযোগসমূহৰো বুজ ল'ব বুলি জানিবলৈ দিয়ে ৷ আনহাতে এই আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ কংগ্ৰেছ আৰু এ আই ইউ ডি এফ একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলি উল্লেখ কৰি কংগ্ৰেছৰ ঔৰসতে এই আই ইউ ডি এফৰ জন্ম বুলি দলটোক কটাক্ষ কৰে ।
মন্ত্ৰীগৰাকীয়ে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ(Sivasagar DC office) প্ৰেক্ষাগৃহত এক গুৰুত্বপূৰ্ণ বেঠকত অংশগ্ৰহণ কৰে । বৈঠকত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জিলা প্ৰশাসন, জনস্বাস্থ্য কাৰিকৰী বিভাগ সৈতে মূলতঃ জল জীৱন মিচন আঁচনি আৰু পৰ্যটন ক্ষেত্ৰ সন্দৰ্ভত আলোচনা কৰে । জিলাখনত জল-জীৱন মিচনৰ কাম খৰকতীয়া কৰাৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ।