শিৱসাগৰ, 6 জুনঃ শুকুৰবাৰে নিশা শিৱসাগৰ ভ্ৰমণলৈ অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে । শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ কভিড ৱাৰ্ড পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ যাৱতীয় অভাৱ অভিযোগৰ বুজ লয় । বৰ্তমান চিকিৎসালয়খনত ২২ গৰাকী কোভিড ৰোগী থকাৰ বিপৰীতে আন ৬০ খন আসন বৃদ্ধি কৰা হৈছে ।
আনহাতে কৰ'ণা সংক্ৰমণৰ মাজতে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পাছত কি দৰে পৰৱৰ্তী শিক্ষাৰ বাবে নামভৰ্তি কৰা হ'ব সেই সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কাইলৈ এক সংবাদ মেলৰ দ্বাৰা সদৰী কৰিব বুলি জানিব দিয়ে । কভিড আতংকৰ মাজত সন্তানৰ নামভৰ্তিক লৈ আতংকিত নহ'বলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে ৷