আমগুৰি,২৩ মাৰ্চ:ৰাজ্যৰ আন আন সমষ্টিসমূহৰ দৰে ১০৩ নং আমগুৰি বিধানসভা সমষ্টিত শাসকীয় দলৰ প্ৰাৰ্থীয়ে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৷ মঙলবাৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
প্ৰদীপ হাজৰিকাৰ হৈ আমগুৰিত প্ৰচাৰ মন্ত্ৰী হিমন্তৰ - অসম বিধান সভা নিৰ্বাচন ২০২১
আন আন সমষ্টিসমূহৰ দৰে ১০৩ নং আমগুৰি বিধানসভা সমষ্টিটো শাসকীয় দলৰ প্ৰাৰ্থীয়ে ইতিমধ্যে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৷ মঙলবাৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে হিমন্ত বিশ্ব শৰ্মাই ৷
প্ৰদীপ হাজৰিকাৰ হৈ আমগুৰিত নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী হিমন্তই
মন্ত্ৰী শৰ্মাই ভাষণ প্ৰসংগত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয়, যদিহে নিৰ্বাচনত প্ৰদীপ হাজৰিকা জয়ী হোৱাৰ লগতে ৰাজ্যত বিজেপিৰ চৰকাৰ হয়, তেন্তে মাইক্ৰফাইনেঞ্চ কোম্পানীৰ ঋণগ্ৰস্ত মহিলাসকলৰ সকলো ঋণ ৰেহাই দিয়া হ'ব ৷ সেয়েহে, আমগুৰি সমষ্টিত থাকি যোৱা উন্নয়নসমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰাবলৈ সমষ্টিবাসীক আহ্বান জনাই মন্ত্ৰী হিমন্তই ।
লগতে পঢ়ক:চাবুৱাত অজয় ফুকনৰ বিশাল বাইক ৰেলী