অসম

assam

ETV Bharat / state

ভোট নোপোৱাৰ বাবেই বিধায়কে নিৰ্মাণ নকৰিলে পথ ! - বিধায়কে আধাৰশিলা স্থাপন কৰে

আমগুৰি সমষ্টিৰ এখন আদৰ্শ গাঁও ৷ নিৰ্বাচনৰ পূৰ্বেই ঠিকাদাৰে আৱন্টন নোহোৱাকৈ আৰম্ভ কৰিলে নিৰ্মাণৰ কাম ৷ কিন্তু নিৰ্বাচনত বিধায়কে গাঁওখনৰ পৰা ভোট কম পোৱাৰ বাবেই সম্পূৰ্ণ নকৰিলে পথটোৰ নিৰ্মাণৰ কাম ৷

assam legislative assembly
ভোট নোপোৱাৰ বাবেই বিধায়কে নিৰ্মাণ নকৰিলে পথ

By

Published : Jul 22, 2021, 1:54 PM IST

শিৱসাগৰ, 22 জুলাই : শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ এখন আদৰ্শ গাঁও ৷ ৰাজনীতিৰ মেৰপেচৰ বাবেই আদৰ্শ গাঁওখনৰ প্ৰায় চাৰি শতাধিক পৰিয়ালে এতিয়া দুৰ্ভোগ ভুগিছে । আদৰ্শ শব্দৰ সৈতে খাপ নাখায় গাঁওখনৰ একমাত্ৰ পথটো । স্থানীয় ৰাইজৰ অভিযোগ নিৰ্বাচনী চমক দিয়াৰ বাবেই বিধায়কে আধাৰশিলা স্থাপন কৰিছিল পথটোৰ ।

শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ নামতি চাৰিআলি আদৰ্শ গাঁৱৰ একমাত্ৰ পথটোৰ বৰ্তমান এক কদৰ্যময় ৰূপলৈ পৰ্যবসিত হোৱাত দুৰ্ভোগৰ সীমা নোহোৱা হৈছে গাঁওবাসীৰ । বিভাগীয় কৰ্তৃপক্ষই আৱন্টন নোহোৱাকৈয়ে খান্দি পেলোৱা পথটোৰ বাবেই এতিয়া জোলোকা জোলোকে পানী খাইছে গাঁওবাসীয়ে । এসময়ত সাংসদ পুঁজি আৰু গাঁৱৰ ৰাইজৰ দানেৰে নিৰ্মিত পথটোৰ অৱস্থা ভালেই আছিল যদিও কেৱল নিৰ্বাচনী চমক দিয়াৰ বাবেই বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমগুৰি সমষ্টিৰ বিধায়কগৰাকীয়ে পথটো নিৰ্মাণৰ প্ৰতিশ্ৰুতি দি আধাৰশিলা স্থাপন কৰে ।

ভোট নোপোৱাৰ বাবেই বিধায়কে নিৰ্মাণ নকৰিলে পথ

কিন্তু বৰ্তমানৰ বিধায়কজন পুনৰবাৰ জয়ী হোৱাৰ পাছতেই আবন্টন হোৱাৰ পূৰ্বেই খান্দি পেলোৱা পথটো বৰ্তমান শাওণৰ ভূঁই ৰোৱা পথাৰলৈ পৰিণত হৈছে । আনহাতে, স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি পথটো নিৰ্মাণ সম্পৰ্কত এজন যুৱকে বিধায়কজনৰ পালিনেতাৰ পৰা জানিব বিচৰাত পালিনেতাজনে গাঁওখনৰ পৰা ভোট কম পোৱা বাবেই পথটো নিৰ্মাণ নকৰে বুলি জানিবলৈ দিয়ে । বৰ্তমান গাঁওখনৰ 400 টা পৰিয়ালৰ একমাত্ৰ যাতায়তৰ বাবে থকা পথটোত যান বাহনটো বাদেই খোজকাঢ়িও পাৰ হ’বলৈ চিন্তা কৰিব লাগে ।

বিশেষকৈ ক’ভিডৰ দৰে জটিল পৰিস্থিতিৰ সময়ত কোনো লোক ৰোগাক্ৰান্ত হ’লে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থাও নাই একমাত্ৰ পথটোৰ বাবেই । গাঁৱৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ পৰা পথটো নিৰ্মাণ সম্পৰ্কে জানিবলৈ বিচৰাত পথটোৰ কামৰ বাবে পুঁজি আৱন্টনেই হোৱা নাই বুলি তেওঁলোকে জানিবলৈ দিয়ে । গাঁওবাসীয়ে এইখিনিতে এটা প্ৰশ্ন কৰিছে যে, কেনেকৈ ঠিকাদাৰজনে আৱন্টন নোহোৱা এটা পথ খান্দি তাক বোকাময় অৱস্থাত পৰিণত কৰি পেলাই থ’লে ই এক ৰহস্যজনক বিষয় । ইয়াৰ উপৰিও বিধায়কজনে কেৱল ভোটৰ স্বাৰ্থতেই পথটো নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল নেকি এই বিষয়েও প্ৰশ্ন কৰিছে গাঁওবাসীয়ে ।

লগতে পঢ়ক :ৰেচন কাৰ্ড প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ এজেন্টৰ বিৰুদ্ধে

ABOUT THE AUTHOR

...view details