শিৱসাগৰ, ১৪ নৱেম্বৰ : শৰতকালৰ পিছত শীতৰ আগমনৰ লগে লগে অসমলৈ আগমন ঘটে বিভিন্ন দেশী-বিদেশী পৰিভ্ৰমী চৰাইৰ (migratory birds in Assam) । পৰিভ্ৰমী চৰাইৰ কোলাহত মুখৰিত হৈ পৰে আকাশ-বতাহ । বিভিন্ন খাল-বিল, পক্ষী অভয়াৰণ্য তথা উদ্যানসমূহত এই চৰাইবোৰে শোভাবৰ্ধন কৰে । লগতে প্ৰকৃতিপ্ৰেমীৰ মনতো সিঁচি দিয়ে আনন্দৰ ৰং ।
কিন্তু তাৰ মাজতো কিছু অসাধু লোকে এই নিষ্পাপ, মৰমলগা পক্ষীবোৰৰ ওপৰত চলায় নিৰ্যাতন (Dishonest people torture innocent birds) । নিজৰ বিকৃত মানসিকতাৰ পৰিচয়ৰে হত্যা কৰে এই অবোধ পক্ষীবোৰক । তেনে এক দৃশ্যয়ে এতিয়া দৃষ্টিগোচৰ হৈছে পানীদিহিং অভয়াৰণ্যত (Panidihing Sanctuary) ।
কোনে শুনিব পানী দিহিঙৰ পক্ষীৰ বিননি ! চোৰাং চিকাৰীৰ কবলত এতিয়া পানীদিহিঙত দেশী-বিদেশী পৰিভ্ৰমী পক্ষী (migrated birds killed in Panidihing Bird Sanctuary) । কেমেৰাৰ সন্মুখতে বস্তাই বস্তাই মাৰিছে পৰিভ্ৰমী পক্ষী । যি দৃশ্য দেখিলে সকলোৰে চকু সেমেকি উঠিব । এয়া শিৱসাগৰ জিলাৰ ডিমৌৰ সমীপৰ পানীদিহিং পক্ষী অভয়াৰণ্যৰ কৰুণ দৃশ্য ।
দেশ-বিদেশৰ পৰা পক্ষী উভয়াৰণ্যখনলৈ অহা জাক জাক পৰিভ্ৰমী পক্ষীক কোনো দুষ্কৃতিকাৰীয়ে বিষাক্ত ঔষধ দি হত্যা কৰিছে অভয়াৰণ্যখনত (migratory birds to Panidihing Bird Sanctuary) । চোৰাং চিকাৰীৰ দলে প্ৰথমতে দৰৱ দি যোৱাৰে পৰা উক্ত দৰৱ খাই মৃত্যু হোৱা চৰাই মোনাত ভৰাই নিয়ালৈকে সমগ্ৰ ঘটনা বন্দী হৈছে কেমেৰাত ।