আমগুৰি, ১৫ জুন :আমগুৰিত মাইক্ৰফাইনেঞ্চ কোম্পানী আৰু ৰাজ্য চৰকাৰৰ ঋণ মাফৰ ক্ষেত্ৰত দুমুখীয়া নিয়মক লৈ প্ৰতিবাদ ৷ আমগুৰিৰ জেহেনীয়া মাজৰচুকত শতাধিক মহিলাই মাইক্ৰফাইনেঞ্চ কোম্পানী আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷
আমগুৰিত মাইক্ৰফাইনেঞ্চ কোম্পানী আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ
মাইক্ৰফাইনেঞ্চ কোম্পানী গ' বেক, আমাক ঋণ ৰেহাই দিয়ক, আৰবিআই গাইডলাইন নমনা মাইক্ৰফাইনেঞ্চ হুচিয়াৰ শ্ল'গানেৰে প্ৰতিবাদী মহিলাই ক্ষোভ প্ৰকাশ কৰে ।
মাইক্ৰফাইনেঞ্চ কোম্পানী গ' বেক, আমাক ঋণ ৰেহাই দিয়ক, আৰ বি আই গাইডলাইন নমনা মাইক্ৰফাইনেঞ্চ হুচিয়াৰ শ্ল'গানেৰে প্ৰতিবাদী মহিলাই ক্ষোভ প্ৰকাশ কৰে । নিৰ্বাচনৰ পূৰ্বে ঋণগ্ৰস্থ মহিলাক মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া হ'ব বুলি নিৰ্বাচনী সভাত ড° হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা শাসনৰ গাডী দখল কৰা পাচত চৰ্ত আৰোপ কৰাত ক্ষোভিত হৈ উঠিছে মহিলাসকল ।
আনহাতে, মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাই নিদিলে ঋণগ্ৰস্থ মহিলাই আত্মজাহ দিলে ড° হিমন্ত বিশ্ব শৰ্মা জগৰীয়া হ'ব বুলি প্ৰকাশ কৰে । একেদৰে ঋণগ্ৰস্থ সকলো মহিলাৰে ঋণ ৰেহাই দিবলৈ দাবী জনায় প্ৰতিবাদকাৰী মহিলা সকলে ।
লগতে পঢ়কঃ কাণত ধৰি পুনৰ অসমলৈ নহাৰ পণ ল’লে এজন ট্ৰাক চালকে