শিৱসাগৰ,25 মাৰ্চ:আগন্তুক নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিনহে বাকী ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগতে ৰাজনাতিক দলসমূহৰ মাজতো বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ বুধবাৰে ১০৮ নং শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ শিৱসাগৰত উপস্থিত হ’ল মেধা পাটকাৰ ৷
ভুৱা গোচৰত কাৰাৰুদ্ধ হৈ থকা অখিল গগৈক বন্দী কৰি ৰাখিছে শাসনাধীস্থ চৰকাৰখনে ৷ ধৰ্মৰ ৰাজনীতি কৰা বিজেপি চৰকাৰে ইতিমধ্যে দেশখনক বন্ধকত ৰাখিছে বুলি মন্তব্য কৰে সমাজকৰ্মী মেধা পাটকাৰে ৷ এপদ এপদকৈ দেশৰ সম্পদ বিক্ৰী কৰি অহা এই চৰকাৰৰ বিৰুদ্ধে ৰাইজক একত্ৰিত হ'বলৈ আহ্বান জনাইছে বিশিষ্ট সমাজকৰ্মী গৰাকীয়ে ৷