অসম

assam

By

Published : Jan 29, 2020, 1:42 PM IST

ETV Bharat / state

শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মে-ডাম-মে-ফি

শিৱসাগৰত ৩০ আৰু ৩১ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব মে-ডাম-মে-ফি অনুষ্ঠান ৷ শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত অনুষ্ঠিত হ'ব এই অনুষ্ঠানৰ ৷

শিৱসাগৰ
শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মে-ডাম-মে-ফি

শিৱসাগৰ, 29 জানুৱাৰীঃ ৩০ আৰু ৩১ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ নগৰৰ বৰ্ডিং খেল পথাৰত অনুষ্ঠিত মে-ডাম-মে-ফি অনুষ্ঠান ৷ স্বৰ্গদেউ চাওলুং চুকাফাকে ধৰি পুলিন পোথাও সকলৰ স্মৃতি তৰ্পণৰ এই কাৰ্যসূচী দীৰ্ঘ দিনৰ বিৰতিত এইবাৰ ব্যাপক আড়ম্বৰপূৰ্ণভাবে শিৱসাগৰত উদযাপনৰ দিহা কৰা হৈছে মে-ডাম-মে-ফি । বুধবাৰে বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি উদযাপন সমিতিয়ে সংবাদমেল সম্বোধন কৰি সদৰী কৰিলে কৰিলে এই কথা ৷

শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মে-ডাম-মে-ফি

বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা এই দুদিনীয়া কাৰ্যসূচীত পৰম্পৰাগতভাবে আয়োজন কৰা বান ফি, ফুৰালুং পূজা আৰু মৈদাম তৰ্পণ আদি অনুষ্ঠানৰ লগতে ভালেমান আকর্ষণীয় কাৰ্যসূচী আছে বুলি উল্লেখ কৰে উদ্যোক্তাসকলে ।


আনহাতে, মে-ডাম-মে-ফি অনুষ্ঠানত উপস্থিত থাকিব অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱা আৰু নিতুমনি শইকীয়াকে ধৰি একাধিক বিশিষ্ট ব্যক্তিয়ে ৷

আৰু পঢ়কঃ মহাৰাষ্ট্ৰৰ নাচিকত দুৰ্ঘটনা, নিহত 25

ABOUT THE AUTHOR

...view details