অসম

assam

ETV Bharat / state

আমগুৰিত মে-ডাম-মে-ফী পালন - আমগুৰিত মে-ডাম-মে-ফী পালন

মে মানে পূজা ,ডাম মানে উপৰিপুৰুষ আৰু ফী মানে দেৱতা অৰ্থাৎ মে-ডাম-মে-ফী মানে স্বৰ্গৰ দেৱতা আৰু উপৰিপুৰুষসকলৰ পূজা অৰ্চনা কৰা । আহোমসকলৰ প্ৰধান উপাস্য দেৱতা হ'ল লেংডন অৰ্থাৎ স্বৰ্গৰ অধিপতি ইন্দ্ৰ । তেখেতৰ দুই নাতি খুনলুঙ আৰু খুনলাইয়ে পৃথিৱীত ৰাজ্য স্থাপন কৰিবলৈ সোণৰ জখলাৰে পৃথিৱীলৈ নামি আহিছিল।

আমগুৰিত মে-ডাম-মে-ফী পালন
আমগুৰিত মে-ডাম-মে-ফী পালন

By

Published : Jan 31, 2020, 10:00 AM IST

Updated : Jan 31, 2020, 10:16 AM IST

আমগুৰি, ৩১ জানুৱাৰী: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৃহস্পতিবাৰে আমগুৰিতো উদযাপন কৰা হয় মে-ডাম-মে-ফী । আমগুৰিৰ ৰঘুতলত পৰম্পৰাগত নিয়ম অনুসৰি টাই ধৰ্মীয় লোকসকলে পালন কৰে মে-ডাম-মে-ফী । চুকাফাই ৰাজত্ব কৰাৰ দিনৰে পৰা অসমত এই উৎসৱ পালন কৰা হয় ৷ টাই আহোমসকলে অতীজৰে পৰা উপৰিপুৰুষৰ লগতে স্বৰ্গৰ দেৱতাসকলক এই মে-ডাম-মে-ফীৰ জৰিয়তে পূজা কৰি সন্তুষ্ট কৰি আহিছে।

মে-ডাম-মে-ফী পালন
মে মানে পূজা , ডাম মানে উপৰিপুৰুষ আৰু ফী মানে দেৱতা অৰ্থাৎ মে-ডাম-মে-ফী মানে স্বৰ্গৰ দেৱতা আৰু উপৰিপুৰুষসকলৰ পূজা অৰ্চনা কৰা । আহোমসকলৰ প্ৰধান উপাস্য দেৱতা হ'ল লেংডন অৰ্থাৎ স্বৰ্গৰ অধিপতি ইন্দ্ৰ । তেখেতৰ দুই নাতি খুনলুঙ আৰু খুনলাইয়ে পৃথিৱীত ৰাজ্য স্থাপন কৰিবলৈ সোণৰ জখলাৰে পৃথিৱীলৈ নামি আহিছিল । আহোতে জ্ঞানৰ দেৱী জাচিংফাই তেওঁলোকক পৰামৰ্শ দি কৈছিল,''পৃথিৱীৰ মুংকাং ৰাজ্যত থাকি সদায় উপৰিপুৰুষক পূজা-অৰ্চনা কৰিবা , তেতিয়াহে দেশত শান্তি হ'ব , প্ৰগতি হ'ব, উন্নতি হ'ব আৰু সকলোৱে মিলিজুলি বাস কৰিব পাৰিবা ৷'' তেতিয়াৰেপৰা মে-ডাম-মে-ফী পালন কৰি অহা হৈছে । মে-ডাম-মে-ফী পূজাত 8 জন দেৱতাৰ বাবে 8 খন শৰাই পতা হয়। বুৰঞ্জীমতে চুকাফাৰ নামতো নিম্নস্থানত আৰু এখন শৰাই পতা হয় । টাই আহোমসকলৰ মাজত বিশ্বাস আছে যে, মৃত্যুৰ পাছত উপৰিপুৰুষসকল প্ৰথমে ডাম (মৃতক), তাৰ পিছতহে ডাম-ফী(দেৱতা)হৈ যায় । পৰৱৰ্তী সময়ত, মৃতকসকলে স্বৰ্গত বাস কৰিবলৈ লয় আৰু পৃথিৱীত বাস কৰা নাতি পৰিনাতিসকলৰ অভিভাৱকত্ব গ্ৰহণ কৰে । মে-ডাম-মে-ফী ত স্মৰণ কৰা দেৱতাসকল হ'ল (১)খাওখাম বা জল আৰু শইচৰ অধিপতি (২)আই লেংদিন বা স্থলাধিপতি (৩) ফা-নুৰু লেংদন বা স্বৰ্গৰ অধিপতি (৪) চিতলাম চাম বা লেংদনৰ সাতজন পুত্ৰক একেলগে সাঙুৰি (৫) মুট কুম টাই কুম বা চন্দ্ৰ সূৰ্যৰ অধিপতি (৬) জা চিং ফা বা বিদ্যাৰ অধিপতি (৭) জান চাই হুং বা অনন্তৰ অধিপতি (৮) ৰা খিন আৰু বা খিন দুয়োকে একেলগে সাঙুৰি(এওঁলোক সময় নিৰূপনকাৰী অধিপতি) (৯) চুকাফাকে ধৰি তেৰ পুৰুষৰ আগৰ ডাম-ফীসকল ৷
Last Updated : Jan 31, 2020, 10:16 AM IST

ABOUT THE AUTHOR

...view details