অসম

assam

By

Published : Jan 31, 2021, 12:04 PM IST

ETV Bharat / state

শিৱসাগৰত উলহ-মালহৰে উদযাপন মে-ডাম-মে-ফি

শিৱসাগৰৰ স্থানীয় বৰ্ডিং খেল পথাৰত আড়ম্বৰপূৰ্ণ আয়োজনেৰে অনুষ্ঠিত কৰা এই মে-ডাম-মে-ফি অনুষ্ঠানত বিভিন্ন কাৰ্যসূচীৰ লগতে পুৰণি খেল-ধেমালি, আলোচনা চক্ৰ, আলোচনা সভা, স্মৃতিগ্ৰন্থ উন্মোচন, সংগীত অনুষ্ঠান, নৃত্য-নাটিকা আদি অনুষ্ঠিত হ’ব বুলি উদ্যোগতাই উল্লেখ কৰে ।

শিৱসাগৰত উলহমালহৰে উদযাপন মে-ডাম-মে-ফি
শিৱসাগৰত উলহমালহৰে উদযাপন মে-ডাম-মে-ফি

শিৱসাগৰ, 31 জানুৱাৰী :শিৱসাগৰত বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি উদযাপন সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে পূৰ্বপুৰুষ সকলৰ মাংগলিক তৰ্পণ অনুষ্ঠান মে-ডাম-মে-ফিৰ আয়োজন কৰা হৈছে । শিৱসাগৰৰ স্থানীয় বৰ্ডিং খেল পথাৰত আড়ম্বৰপূৰ্ণ আয়োজনেৰে অনুষ্ঠিত কৰা এই মে-ডাম-মে-ফি অনুষ্ঠানত বিভিন্ন কাৰ্যসূচীৰ লগতে পুৰণি খেল-ধেমালি, আলোচনা চক্ৰ, আলোচনা সভা, স্মৃতিগ্ৰন্থ উন্মোচন, সংগীত অনুষ্ঠান, নৃত্য-নাটিকা আদি অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাই উল্লেখ কৰে ।

শিৱসাগৰত উলহমালহৰে উদযাপন মে-ডাম-মে-ফি

উল্লেখযোগ্য যে, প্ৰথম দিনা নাঁও খেল, প্ৰদৰ্শনী, খেল-ধেমালি, আলোচনা চক্ৰ আদি সম্পন্ন হোৱাৰ বিপৰীতে দেওবাৰে আন আন কাৰ্যসূচীৰ লগতে মে-ডাম-মে- ফি তৰ্পণ কাৰ্যসূচী সম্পন্ন হ’ব । এই অনুষ্ঠান সমূহত অসমৰ ৰাজনৈতিক, সাংস্কৃতিক, সংবাদ জগত আদিৰ লগত জড়িত বিভিন্ন গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ দেশৰ 17 কোটি শিশুক আজি প্ৰদান কৰা হ’ব পলিঅ’ প্ৰতিষেধক

ABOUT THE AUTHOR

...view details