শিৱসাগৰ,৪ ছেপ্তেম্বৰ :বৰ্তমান সময়ত যুৱ প্ৰজন্মই সামাজিক মাধ্যম যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা দেখা যায় । বহুতে আকৌ ক'ব বিচাৰে, সামাজিক মাধ্যমে যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে । পিছে শিৱসাগৰৰ এগৰাকী যুৱতীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।
সামাজিক মাধ্যমৰ অন্যতম প্লেটফ'ৰ্ম লিংকেডিন (LINKEDIN) ব্যৱহাৰ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত (India Book of Records) নাম অন্তৰ্ভুক্ত কৰিছে যুৱতীগৰাকীয়ে । এটা দিনত সৰ্বাধিক পোষ্ট কৰি এই অভিলেখ গঢ়িছে শিৱসাগৰৰ ফৰহিন আহমেদ নামৰ যুৱতীগৰাকীয়ে । ফৰহিন আহমেদ শিৱসাগৰ চহৰৰ নিবাসী তথা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰী ।