অসম

assam

ETV Bharat / state

শিৱসাগৰত মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ - Matak yuva chatra parisad protest at Sivsagar

ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে দেশত ভয়াৱহভাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ মূল্যবদ্ধি ৰোধ কৰাৰ লগতে আন কেইবাটাও দাবীৰে বাবে শিৱসাগৰত মটক যুৱ ছাত্ৰ সন্মিলনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত ৷

matak-yuva-chatra-parisad-protest-at-sivsagar
শিৱসাগৰত মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ

By

Published : Aug 5, 2021, 7:15 PM IST

শিৱসাগৰ, 5 আগষ্ট : ৰাজ্য চৰকাৰে প্ৰতিবাদ তথা আন্দোলন সামৰি উন্নয়নৰ শ্ল'গান দিছে যদিও ৰাজ্যত বিভিন্ন বিষয়ক লৈ বৰ্তমানেও অব্যাহত আছে প্ৰতিবাদ ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে শিৱসাগৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে মটক ছাত্ৰ সন্মিলনে ৷

সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুযায়ী মটক জনগোষ্ঠীক জনজাতিৰ তালিকাত অন্তৰ্ভুক্তিকৰণেৰে সাংবিধানিক মৰ্যদা প্ৰদান কৰা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ আদি কেইবাটাও দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ শিৱসাগৰ জিলা সমিতিয়ে ৷

লগতে পঢ়ক:সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশত বন্ধ হ'ল বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড

জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে ৷ প্ৰতিবাদৰ জৰিয়তে আন দাবীৰ লগতে মূলতঃ মটক জনগোষ্ঠীৰ বিশেষ উন্নয়নৰ শিতানত ঘোষণা কৰা 125 কোটিৰ আৰ্থিক পেকেজ মোকলাই দিয়া, সদ্যগঠিত মটক স্বায়ত্ব শাসিত পৰিষদলৈ সন্তোষজনক ধনৰ আৱণ্টন দিয়াৰ দাবী জনাই সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ শিৱসাগৰ জিলা সমিতিয়ে ৷

শিৱসাগৰত মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ

হাতে হাতে প্লেকাৰ্ড লৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা শিৱদ’ল পৰ্যন্ত পথৰ দুয়োকাষে মানৱ শৃংখল প্ৰদৰ্শনেৰে উপৰোক্ত বিষয়সমূহ অনতিপলমে পূৰণ কৰাৰ দাবী উত্থাপন কৰিছে ছাত্ৰ সংগঠনটোৱে ৷ উল্লেখ্য যে, ক'ভিড সৃষ্ট পৰিৱেশৰ গ্ৰাসত পৰি ৰাজ্যৰ হাজাৰ হাজাৰ সাধাৰণ পৰিয়াল আৰ্থিক সংকটৰ সন্মুখীন হোৱাৰ সময়তে সময়তে দেশ তথা ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷

যাৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সাধাৰণ পৰিয়ালৰ মাজত ৷ ফলস্বৰূপে সমগ্ৰ দেশৰ লগতে ৰাজ্যত মূল্যবৃদ্ধি ৰোধৰ বাবে ধাৰাবাহিকভাৱে অব্যাহত আছে প্ৰতিবাদ ৷ কিন্তু মূল্য়বৃদ্ধি হ্ৰাসৰ ক্ষেত্ৰত বৰ্তমানলৈকে কোনো কাণসাৰ নাই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ ৷

লগতে পঢ়ক:শান্তিৰ বাৰ্তা লৈ চাৰ্টাৰ্ড বিমানেৰে অসমৰ দুই মন্ত্ৰী মিজোৰামত

ABOUT THE AUTHOR

...view details