শিৱসাগৰ, ২২ আগষ্ট :নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিত কোঙা ৰাজ্যৰ জনতা (Price hike in Assam) । দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তত ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ । সোমবাৰে শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংগ্ৰামী সেনা অসম আৰু মটক ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ যৌথ উদ্যোগত ৰূপায়ণ কৰা হয় দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী (Protest in Sivasagar) ।
শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সোমবাৰে দিনৰ ১১ বজাৰ পৰা ৰূপায়ন কৰা হয় উক্ত ধৰ্মঘট কাৰ্যসূচী ৷ সংগ্ৰামী সেনা অসম আৰু মটক ছাত্র সন্থাই উল্লেখ কৰে যে, ৰাজ্যত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিত অতিষ্ঠ হৈ উঠিছে জনতা । চৰকাৰে কোনো ধৰণৰ আগ পাছ নাভাবি অসমৰ সৰ্বসাধাৰণৰ ৰাইজৰ মূৰত ৰামটাঙোন সোধাই নিজৰ প্ৰভূত্ব বিস্তাৰ কৰিব বিচাৰিছে বুলি মত প্ৰকাশ কৰে প্ৰতিবাদকাৰী সকলে ।