শিৱসাগৰ, 11 ছেপ্তেম্বৰ :মহিলা শক্তি সংবৰ্ধন ক্ষেত্ৰ অসম নামৰ এক অনুষ্ঠানৰ নেত্ৰী গীত কামৰূপাৰ বিৰুদ্ধে শুকুৰবাৰে সৰৱ হৈ পৰে শিৱসাগৰৰ বহু কেইটা দল-সংগঠনৰ লগতে মহিলা সংগঠন। অভিযোগ অনুসৰি,গীত কামৰূপা নামৰ মহিলা গৰাকীয়ে 26 আগষ্ট তাৰিখে সামাজিক মাধ্যমত শিৱসাগৰৰ ৰাইজ,মহিলা আৰু দল-সংগঠন সমূহক ভিত্তিহীনভাৱে সমালোচনা কৰি কেতবোৰ অহেতুক অভিযোগ জাপি দিছিল । আনকি,শিৱসাগৰত বহু হাজাৰ মহিলাই বেশ্যা বৃত্তিত জড়িত থকাৰ চৰকাৰী তথ্য লাভ কৰা বুলি মন্তব্য কৰা মহিলা গৰাকীয়ে শিৱসাগৰ ৰাইজ এনে প্ৰসংগত সজাগ নহয় বুলি উল্লেখ কৰাৰ ওপৰিও দল-সংগঠনৰ পৃষ্ঠপোষকতাত এনে বৃত্তি পৰিচালিত হয় বুলি অভিযোগ উত্থাপন কৰিছিল ।
যাৰবাবে মহিলা গৰাকীৰ এনে মন্তব্যত জাঙুৰ খাই উঠা শিৱসাগৰৰ প্ৰায় 24 টা দল-সংগঠনে জিলাখনৰ বিভিন্ন আৰক্ষী থানাত মহিলা গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছিল। এই সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে 2 ছেপ্তেম্বৰ তাৰিখে গীত কামৰূপা নামৰ মহিলা গৰাকীক শিৱসাগৰ সদৰ থানাত 5 ছেপ্তেম্বৰ তাৰিখৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল ।