আমগুৰি, 17 অক্টোবৰ :শুকুৰবাৰে আমগুৰিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং অঞ্চলত শিৱসাগৰ জিলা প্ৰশাসন, আৱকাৰী বিভাগ আৰু আৰক্ষীৰ অবৈধ সুৰা বিৰোধী অভিযান কালত স্থানীয় একাংশ লোকে বাধা প্ৰদান কৰাৰ লগতে লোকসকলৰ শাৰিৰীক আক্ৰমণৰ বলি হৈছিল জিলা প্ৰশাসনৰ বিষয়াৰ লগতে স্থানীয় সংবাদকৰ্মী ।
পুনৰ সাংবাদিক নিগ্ৰহঃদোষীক শাস্তিৰ দাবীৰে শিৱসাগৰত আছুৰ কলা পতাকা প্ৰদৰ্শন
শিৱসাগৰত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ দোষীক উপযুক্ত শাস্তিৰ দাবীত আছুৰ প্ৰতিবাদ ৷
দোষীক শাস্তিৰ দাবী জনাই শিৱসাগৰত আছুৰ কলা পতাকা প্ৰদৰ্শন
উক্ত ঘটনাৰ পিচতে শিৱসাগৰ জিলা তথা আমগুৰি আছুৱে তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আক্ৰমণৰ বলি হোৱা সাংবাদিক সমীৰণ দুৱৰাৰ স্বাস্থ্যৰ খবৰ লোৱাৰ লগতে আমগুৰি নগৰৰ বিভিন্ন স্থানত কলা পতাকা আৰি সাংবাদিক নিগ্ৰহ ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ এই দলটোৱে সমগ্ৰ ঘটনাৰ তদন্ত কৰি দোষীক উপযুক্ত শাস্তিৰ দাবী জনাই জিলা উপায়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ৷