আমগুৰি,26 মাৰ্চ : শিৱসাগৰ জিলাৰ আমগুৰিত শুকুৰবাৰে সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড ৷ বৰাহীবাৰী মুগা সঁচ উন্নয়ন প্ৰকল্পৰ মুগাচোমনিত সংঘটিত হৈছে এই অগ্নিকাণ্ড ৷
আমগুৰিত বিধ্বংসী অগ্নিকাণ্ড হাঁহখোৱা চাপৰিৰ 10-12 বিঘা চোমনিত জুই লাগি ভস্মীভূত হয় 5 হাজাৰৰো অধিক চোমগছ ৷ কোনো দুৰ্বৃত্তই জুই জ্বলোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে । মাটি বেদখলৰ বাবে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে ।
ঘটনাৰ পাচতো বৰাহীবাৰী মুগা সঁচ উন্নয়ন প্ৰকল্পৰ বিষয়া-কৰ্মচাৰীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও মুগা সঁচ উন্নয়ন প্ৰকল্পৰ মুগাচোমনিত অগ্নিকাণ্ড সংঘটিত হৈছিল ।
ঘটনা সংঘটিত হোৱাৰ পাচত আমগুৰি অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ।
লগতে পঢ়ক :বঙাইগাঁৱৰ ঐতিয্যমণ্ডিত নাক কাটী পাহাৰত বনজুই