আমগুৰি, ১৫ মে' : শিৱসাগৰ জিলাৰ আমগুৰিত তিনিখনকৈ চাহ বাগিচাত বিনামূলীয়াকৈ শ্ৰমিক সকলৰ মাজত মাস্ক বিতৰণ কৰে ৷ বিধায়ক প্ৰদীপ হাজৰিকাৰ উপস্থিতিত শ্ৰমিক সকলৰ মাজত মাস্ক বিতৰণ কৰে এটা সংস্থাই ৷
বিধায়কৰ উপস্থিতিত শতাধিক চাহ শ্ৰমিকক মাস্ক বিতৰণ
আমগুৰিৰ তিনিখন বাগিচাত চাহ শ্ৰমিক সকলক বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰে ৷ অসমী এন জি অ'ৰ সহযোগত বিধায়ক প্ৰদীপ হাজৰিকাই শ্ৰমিক সকলৰ মাজত বিতৰণ কৰে মাস্ক ৷
আমগুৰি, বৰবাম, বৰছিলা এই তিনিখন চাহ বাগিচাৰ শ্ৰমিক সকলৰ মাজত বিনামূলীয়াকৈ বৰবাম চাহ বাগিচাত ক'ৰণা ভাইৰাছৰ বিৰুদ্ধে সজাগ আৰু সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে মাস্ক বিতৰণ কৰে ৷ অসমী এন জি অ' সহযোগত বিধায়ক প্ৰদীপ হাজৰিকাই চাহ শ্ৰমিক সকলৰ মাজত মাস্ক বিতৰণ কৰে ৷ লগতে বৰছিলা চাহ বাগিচাত মানৱ সেৱা সমিতিৰ সভাপতি বকুল দে আৰু বিনীতা শইকীয়া দেই প্ৰায় ১৫০০ চাহ শ্ৰমিকক পৃথকে পৃথকে মাস্ক বিতৰণ কৰে। বিধায়ক প্ৰদীপ হাজৰিকাই চাহ শ্ৰমিকসকলক কৰ'ণা ভাইৰাছৰ পৰা পৰিত্ৰাণৰ বাবে ল'বলগা সাৱধানতা আৰু সজাগতা বৃ্দ্ধিৰ বাবে শ্ৰমিক সকলক বিতৰণ কৰে মাস্ক । উক্ত মাস্ক বিতৰণ কাৰ্যসূচীত আমগুৰি খণ্ড উন্নয়ন বিষয়া তাপশ্ৰী দেৱনাথ, অগপৰ যুৱ সভাপতি নিত্যা কলিতা, অসমী এন জি অ'ৰ কৰ্মকৰ্তাৰ লগতে মানৱ সেৱা সমিতিৰ সদস্য সকল উপস্থিত থাকে ৷
লগতে পঢ়ক- অৰ্থৰ অভাৱঃ অসুস্থ পুত্ৰক সুস্থ কৰি তুলিবলৈ অপৰাগ পিতৃ-মাতৃ