অসম

assam

By

Published : Nov 9, 2021, 4:29 PM IST

Updated : Nov 9, 2021, 5:23 PM IST

ETV Bharat / state

সমুখত যুৱতী দেখি কৰিলে অশালীন মন্তব্য, লপা থপা খাই লক্ আপত সোমাল দুই সন্তানৰ পিতৃ

দিন দুপৰতে যুৱতীক দেখি অসৎ কাৰ্য চৰিত্ৰাৰ্থ কৰাৰ উদ্দেশ্য লৈ এইবাৰ পাকত পৰিল দুটাকৈ সন্তানৰ পিতৃ ৷ জানো আহক তাৰ পিছত কি অৱস্থা হ’ল লোকজনৰ ৷

married-man-gets-in-trouble-after-verbally-abusing-lady-in-market-place
বজাৰত মহিলা দেখি উত্তেজনা বৃদ্ধিৰ কথা কৈ বিপদত পৰিল দুটাকৈ সন্তানৰ পিতৃ

আমগুৰি, 9 নবেম্বৰ :দিনত নাৰীক আই-মাতৃ অথবা ভনী বুলি সম্বোধন কৰি নিশালৈ অশ্লীল ইংগিত দিয়াৰ সুযোগ বিচাৰি থকা বহু পুৰুষৰ বহু সময়ত মুখা খোল কোৱাৰ কথা আপুনি জানে ৷ পিছে দিন দুপৰতে যুৱতীক দেখি অসৎ কাৰ্য চৰিত্ৰাৰ্থ কৰাৰ উদ্দেশ্য লৈ এইবাৰ পাকত পৰিল দুটাকৈ সন্তানৰ পিতৃ জিতু তামুলী ৷ পেছাত জিতু এজন ব্যৱসায়ী ঘৰ, আমগুৰি জোৰাবাৰী কাণছোৱা গাঁৱত ৷ আপাতঃ দৃষ্টিত এজন গুৰু গম্ভীৰ ভদ্ৰলোক বুলিব পৰা জিতুৰ বিৰুদ্ধে উত্থাপিত হ’ল এটা গুৰুতৰ অভিযোগ ৷

সমুখত যুৱতী দেখি উত্তেজনা বৃদ্ধিৰ কথা কৈ দুৰ্গতি হ’ল দুই সন্তানৰ পিতৃ জিতুৰ

বিবাহিত হোৱাৰ লগতে দুটাকৈ সন্তানৰ পিতৃ গৰাকীয়ে অভিযোগ অনুসৰি বুজি নাপায় নাৰীৰ সন্মান ৷ নাৰীক কেৱল ভোগ বিলাসৰ সামগ্ৰী বুলি গণ্য কৰা আন এচামৰ দৰে জিতুৰো আছে এখন মুখাৰ আঁৰৰ মুখ ৷ শেহতীয়াকৈ তেওঁৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত কৰিলে সংবাদ সেৱাৰ সৈতে জড়িত এগৰাকী যুৱতীয়ে ৷

যুৱতী গৰাকীয়ে অভিযোগ কৰা মতে, ভগ্নী তথা ভাতৃৰ সৈতে বজাৰলৈ যোৱা অৱস্থাত ভগ্নী গৰাকী তথা তেওঁক উদ্দেশ্য কৰি জিতুৱে কৰিছিল অশ্লীল মন্তব্য ৷ আনকি যুৱতী গৰাকীক দেখি জিতুৱে নিজৰ উত্তেজনা বঢ়া বুলিও কৰিছিল মন্তব্য ৷ তেওঁ কৰা আন মন্তব্যবোৰ বাতৰিত প্ৰকাশৰ যোগ্য নহয় যদিও, দিন দুপৰতে এইদৰে যুৱতীক অশ্লীল ইংগিত দিয়াৰ কথাৰ সাক্ষী হৈ ৰৈছিল যুৱতী গৰাকীৰ ভাতৃও ৷

ইয়াৰ পিছত ভুক্তভোগী যুৱতী গৰাকীয়ে তেওঁক প্ৰত্যুত্তৰ দিবলৈ লওঁতেই পলায়ন কৰে জিতুৱে ৷ অৱশেষত আৰক্ষী বিষয়া নাৰায়ণ বড়ো আৰু আন আন স্থানীয় লোকৰ সহযোগত জিতুৰ পৰিচয় তথা সন্ধান লাভ কৰে ভুক্তভোগী যুৱতী গৰাকীয়ে ৷ ইয়াৰ পিছতেই তেওঁ অসৎ চৰিত্ৰ লোকজনৰ বিৰুদ্ধে এটা গোচৰ দাখিল কৰি সমগ্ৰ ঘটনা পোহৰলৈ আনে ৷ এতিয়া প্ৰশ্ন হ’ল দিন দুপৰতে তাকো ভৰা বজাৰতেই যদি মহিলা সুৰক্ষিত নহয় তেন্তে কেনেদৰে চলিছে আমাৰ সমাজ ব্যৱস্থা ? ক’ত আছে মহিলাৰ সুৰক্ষা ?

লগতে পঢ়ক :পুত্ৰক হত্যা কৰি শৌচালয়ৰ গাঁতত পুতি থ'লে পিতৃ-মাতৃয়ে

Last Updated : Nov 9, 2021, 5:23 PM IST

ABOUT THE AUTHOR

...view details