শিৱসাগৰ,29 নৱেম্বৰ :উজনি অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ আশাৰ বতৰা ৷ শিৱসাগৰ নগৰৰ মাজমজিয়াত অৱস্থিত বশিষ্ঠ গংগা দিখৌ নৈৰ এৰাসুঁতি মৰিবিল সৰোবৰক জল ক্ৰীড়া ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় ৷ মৰিবিল সৰোবৰৰ সমীপত শনিবাৰে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জল ক্ৰীড়া ক্ষেত্ৰ হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ৷
ৰাজ্যৰ প্ৰথমটো জল ক্ৰীড়া ক্ষেত্ৰ হিচাপে মৰিবিল সৰোবৰক ঘোষণা কৰি সাংসদ তপন কুমাৰ গগৈয়ে শিৱসাগৰ ব'টিং আৰু ৰয়িং সন্থাক পৰৱৰ্তী দহ বছৰৰ বাবে লীজত দিয়া বুলি কৈ এতিয়াৰ পৰা মৰিবিল সন্থাক এই জল ক্ৰীড়া ক্ষেত্ৰৰ দায়িত্ব দিয়া বুলি প্ৰকাশ কৰে ৷